অৰুণাভ
মলিয়ন,ভগ্ন হৃদয়ৰ বিশৃংখলিত টুকুৰাবোৰ
শৃংখলিত কৰাত হৈ পৰিছিলো মই ভাৰাক্ৰান্ত.
তুমি কোনো উজ্জ্বল জ্যোতিষ্ক হৈ,
আহিলা মোৰ কাননত আলহি হৈ ।
আন্ধাৰে গ্ৰাহ কৰা মোৰ হৃদয়ৰ তুমি অৰুণাভ....
তোমাৰ আভাত সুগন্ধি বিয়পাই প্ৰস্ফুটিত হয়,
মোৰ কাননৰ মৰহি যোৱা ফুলবোৰ....
তোমাৰ চকুত চকু থৈ মোৰ অন্বেষণৰ ইচ্ছা,
কিমান গভীৰ তোমাৰ মনৰ গহ্বৰ।।
প্ৰতিদিনে মই আৱিষ্কাৰ কৰো নিজকে ,
তোমাৰ মনৰ দাপোনত প্ৰতিফলিত হৈ উঠো মই !
মোৰ শূণ্যতাই পৰিভাষা পাই তোমাৰ মাজত
ডুবিব দিয়া মোক তোমাৰ প্ৰেমৰ সাগৰত।
★★★★★★★★
2 Comments
সুন্দৰ
ReplyDeleteধন্যবাদ ✨
Delete