বসুন্ধৰা আৰু বসন্তৰ প্ৰেম
শীতলা সমীৰণত ৰুক্ষ আৰু প্ৰাণহীন বসুন্ধৰা
অপেক্ষাত আতুৰ হৈ পৰিছিল ঋতুৰাজ বসন্তৰ
দিগন্তত সেন্দুৰীয়া আভা বিয়পাই সুৰুযে দিয়ে,
বসন্তৰ আগমনৰ বাতৰি
লাজ লাজকৈ ৰূপহী বসুন্ধৰাই উঠে প্ৰাণ পাই
বসন্তৰ পৰসত বসুন্ধৰা উঠে জক-মকাই
উষ্ম প্ৰেমৰ নিবেদনত প্ৰস্ফুটিত হৈ
মৰ্ত্যত কুসুমে সৃষ্টি পৰে দ্বিতীয় অম্ৰাৱৰ্তী
ঋতুৰাজ বসন্তৰ প্ৰেমিকা বসুন্ধৰাৰ এই নৱৰূপ চাবলৈকে প্ৰতি বছৰে আহে বসন্ত...
★★★★★★★★
✍🏻নিয়ৰকনা
ঠিকনাঃ যোৰহাট
Instagram : Click Here
4 Comments
সুন্দৰ
ReplyDeleteধন্যবাদ
Deleteধুনীয়া
ReplyDeleteThank you 😊
Delete