Ticker

6/recent/ticker-posts

হীৰেন ভট্টাচাৰ্য। হীৰেন ভট্টাচাৰ্যৰ কবিতা। হীৰুদাৰ কবিতা।


 অসমীয়া কাব্য সাহিত্যত প্ৰেম আৰু ৰ’দালিৰ ৰহন সানি কাব্যপ্ৰেমীক আন্দোলিত কৰি তোলা সুগন্ধি পখিলাৰ কবি হীৰেন ভট্টাচাৰ্য, আমাৰ অসমীয়াৰ হিয়াৰ আমঠু হীৰুদাৰ আজি ওপজা দিন। অসমীয়া কবিতাৰ সকলো শ্ৰেণীৰ পাঠকৰ বাবে ৰসাস্বাদন কৰিব পৰা এলানি কবিতাৰে হীৰুদাই অসমীয়া সাহিত্যত সৃষ্টি কৰি থৈছে এটা আলফুলীয়া কাব্য কান্তিৰ অননুকৰণীয় ধাৰা।

আজি হীৰুদাৰ ৮৬ সংখ্যক ওপজা দিন। ১৯৩২ চনৰ ২৮ জুলাইত যোৰহাটত জন্মগ্ৰহণ কৰা হীৰেন ভট্টাচাৰ্যৰ কবিতাৰ গুণগ্ৰাহী অলেখ। সম্ভৱত: অসমীয়া কাব্যজগতত ইও এক বিৰল উদাহৰণ। কাব্যপ্ৰেমীৰ অন্তৰত হীৰুদাই প্ৰোথিত কৰি থৈ যোৱা শব্দৰ নিৰ্ভাৰ ঐন্দ্ৰজালিকতাই সুখৰ দিনতে নহয়, দুখৰ দিনতো বুঁকুজুৰি বৈ থাকে।

অসমীয়া কাব্যজগতত হীৰুদাৰ দৰে জনপ্ৰিয়তা আন কোনো কবিৰে নাই। ইয়াৰ কাৰণ তেওঁৰ কবিতাৰ অনুভৱে অন্তৰ স্পৰ্শ কৰাৰ লগে লগে চিন্তা-চেতনাকো আলোড়িত কৰি তোলে। হীৰুদাৰ প্ৰতিটো কবিতাই একোটা সাৰ্থক কবিতা।

সুগন্ধি পখিলা কবি তথা প্ৰেম আৰু ৰ’দালিৰ কবি হীৰুদাৰ কবিতাত আছে মাটিৰ গোন্ধ। ‘ভালপোৱাৰ বোকামাটি’ৰে হীৰুদাই কাব্যপ্ৰেমীৰ অন্তৰত ‘সুগন্ধি পখিলা’ৰ সৃষ্টি কৰি গৈছে।

অসমীয়া ভাষাত হীৰুদাৰ ১৩ খন কবিতা পুথি প্ৰকাশ পোৱাৰ উপৰি বাংলাতো প্ৰকাশ পাইছে  ২ খন কবিতা পুথি। অসমীয়া সাহিত্য জগতলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে হীৰুদাক ১৯৯২ চনত সাহিত্য অকাডেমি বঁটা আৰু ২০০০ চনত অসম উপত্যকা বঁটাৰে সন্মানিত কৰা হয়।

আনহাতে, সাহিত্য কৃতিৰ স্বীকৃতি স্বৰূপে  বিষ্ণু ৰাভা বঁটা, ৰাজাজী পুৰস্কাৰ বঁটা, ছোভিয়েট দেশ নেহৰু বঁটা আদিৰেও তেওঁ সন্মানিত হৈছে। ২০১২ চনৰ ৪ জুলাইত সুগন্ধি পখিলাৰ কবিগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰিছিল।

আজি হীৰুদাৰ ৮৬সংখ্যক জন্ম দিনটোত বিভিন্ন প্ৰান্তৰ গুণমুগ্ধ আৰু কাব্য অনুৰাগীসকলে প্ৰিয় কবিগৰাকীক শ্ৰদ্ধাৰে সোঁৱৰিছে। যোৰহাটৰ জ্যোতি চিনে ক্লাৱ আৰু হীৰুদা স্মৃতি সংৰক্ষণ কমিটিয়ে হীৰুদাৰ ওপজা দিনৰ লগত সংগতি ৰাখি তেওঁৰ জন্মগৃহত বিশেষ কাৰ্যসূচীৰ আয়োজন কৰিছে।

অসমীয়া কাব্যপ্ৰেমীক সদায় অনুভৱৰ পৃথিৱীখনলৈ আকৰ্ষণ কৰি অহা হীৰুদাৰ স্মৃতি কবিৰ ভাষাৰে ‘বকুল ফুলৰ দৰে, জোনাকৰ পখী উৰে….এন্ধাৰে এন্ধাৰে।

হীৰেন ভট্টাচাৰ্যই লাভ কৰা বঁটা আৰু সন্মান -

  • "বিভিন্ন দিনৰ কবিতা" গ্ৰন্থৰ বাবে ১৯৭৬  অসম সাহিত্য সভাৰ ৰঘুনাথ চৌধাৰী বঁটা লাভ ৷
  •  সুগন্ধি পখিলা' গ্ৰন্থৰ বাবে ১৯৮৫ 'অসম সাহিত্য সভাৰ বিষ্ণু ৰাভা বঁটা লাভ ৷
  • 'সুগন্ধি পখিলা' গ্ৰন্থৰ বাবে  ১৯৮৭ চনত চোভিয়েট দেশ নেহেৰু বটাঁ লাভ ৷
  • শইচৰ পথাৰ মানুহ' গ্ৰন্থৰ বাবে ১৯৯২ সাহিত্য অকাডেমি বঁটা লাভ ৷
  • শইচৰ পথাৰ মানুহ' গ্ৰন্থৰ বাবে ১৯৯৩ চনত ভাৰতীয় ভাষা পৰিষদৰ 'বজালিনী বঁটা লাভ।
  • ২০০০ চনত 'অসম উপত্যকা সাহিত্য বঁটা' লাভ ৷
  • ২০১০ অসম চৰকাৰৰ গণেশ গগৈ বঁটা ৷
 ২০১২ চনৰ চাৰি জুলাই তাৰিখে হীৰেন ভট্টাচাৰ্যই গুৱাহাটীৰ দিশপুৰ চিকিৎসালয়ত অন্তিম নিশ্বাস ত্যাগ কৰে।


হীৰেন ভট্টাচাৰ্যৰ এমুঠি কবিতা -(হীৰুদাৰ কবিতা)

১)
ভোগালী

তুমিটো  জানাই এই কবিৰ আৰু একো নাই ৷
এটাই মাথোঁ কামিজ
তাৰো ছিগো-ছিগো চিলাই |
প্ৰেম নিশ্চয় এনেকুৱাই
আৱৰণ খুলি হৃদয় জুৰাই |

(২)
স্তবক
হীৰেন ভট্টাচাৰ্য (১৯৬৮)

"এতিয়া বসন্তকাল
ফুলতকৈ কাঁইটেই ভাল|"
এইবুলি কৈ মোৰ কোলাত
আহি পৰিল
তেজৰঙা বুলবুলি এহাল !
কাঁইটীয়া গোলাপৰ ডাল
বতাহত দোঁ খাই আহি
ছিঙি নিবহি যেন মোৰ কলিজাৰ এফাল |
এতিয়া বসন্তকাল
ফুলতকৈ কাঁইটেই ভাল...

(৩)
শৰ-সন্ধান

স্বাধীনতা আৰু শান্তিৰ নামত উত্সৰ্গিত
ইয়াতেই বান্ধিছিলা তোমাৰ যৌৱনৰ
তেজি ঘোঁৰা| বসন্তৰ বতাহৰ দৰে
সেই ঘোঁৰাৰ খুৰাৰ ধুলিয়ে
চুমিছিল
মোৰ এই তেজাল আকাশ
আৰু তাৰ প্ৰান্তৰৰ সেউজিয়া ঘাঁহ|
তাৰ পিছত, পাৰ হৈ গ'ল
চ'তৰ নিদাঘ-জুই আৰু ব'হাগৰ
কতনা ধুমুহা|
….মই কেতিয়াবা
এতিয়াও সপোনত সাৰ পাই উঠোঁ
আফ্ৰিকা নে তেলেংগানা ক'ৰবাত
সেই ঘোঁৰা যেন হিল-দ'ল ভাঙি লৰিছে
আৰু তোমাৰ চাবুকত চমকি উঠিছে
নিৰ্জ্জন ৰাতিৰ ক্লীৱতা|

(৪)

ৰৌদ্ৰ কামনা
উজাগৰ ৰাতি
সপোন দেখিছো মই
ফুল-আলসুৱা তোমাৰ মুখৰ
শইছ-সোণালী হাঁহি|
অযুত তৰাৰ ঘুমটি ভাঙি যেন
সূৰ্য্য আহিছে নামি|

(৫)

অসম্ভৱ অনুবাদ

এটা অজুহাত পালে মই গুচি যাব পাৰোঁ,
যেনি মন যায়, তোমাৰ সান্নিধ্যৰ যাদুকৰী ৰাতি
মই গুচি যাম, যি কোনো অজুহাত পালে,
মুক্ত কৰি প্ৰতিভাৰ পথ, নিৰ্জনতা নিৰ্ভৰ ছায়াৰ
সুখ্যাতিত এই যে তোমাৰ এই উপস্থিতি
অসম্ভৱ অনুবাদ তাৰ, জালিকটা জোনাকৰ
মাজেৰে মই গুচি যাম, হাতত সাৰে ভৰিত সাৰে ......
[কোনোবা হাস্নাহানা ৰাতি]
(৬)

বসন্তৰ গান

[ এজন কবিলৈ]
হীৰেন ভট্টাচাৰ্য (১৯৬১)

কালি ৰাতি খুব কুৱঁলি পৰিছিল |
পাহাৰতলিত
এটা চৰায়ে ওৰে ৰাতি
গান গাই আকাশখনক কন্দুৱাইছিল |
ৰাতিপূৱা,
গছে বনে, পাহাৰৰ শিখৰে শিখৰে
বকুলফুলৰ দৰে
গুৰি গুৰিকৈ বৰফ পৰিছিল |
এটা চৰাইৰ
মাতত বসন্ত অহা হ’লে !
তাৰ লাহী ডেউকাই
কুঁৱলী আঁতৰাব পৰা হ’লে !
*****************

(৭)
নাগৰিক

(ৰচনাৰ সময় – ১৯৬১)

নিৰুত্তাপ এই জীৱন, নিৰ্লজ্জ আশাত অন্ধ |
ভগ্ন-হৃদয় অজ্ঞাত ভয়ত আচ্ছন্ন | তথাপি
সময়-শানিত তৰোৱালৰ চিকমিকনিত
এতিয়াও জ্বলিছে এখন পৃথিৱী –
দিক‍হাৰা হৃদয়ৰ আশ্ৰয় |
কলঘৰৰ ক’লা ধোঁৱাই
এদিন আকাশত বিজুলী জ্বলাব,
ৰাস্তাৰ কাষৰ এইজাক ল’ৰাই
জীৱনৰ বাটে বাটে ফুল ফুলাব,
ব্যধিগ্ৰস্ত এই নগৰে এদিন
আকাশলৈ মূৰ তুলি চাবঃ আকাশ ইমান বহল !
দ-কৈ উশাহ লৈ ক’বঃ বতাহ ইমান কোমল !!
পোহৰৰ এই স্বৰ্ণ-স্পৰ্শে উজ্জ্বল কৰিলে
মোৰ অন্ধকাৰ হৃদয় | উদ্দাম কৰিলে নিস্তেজ মন
যি মনৰ স্তৰে স্তৰে চেতনাৰ বিদ্যুৎ বিস্ময় |
*****************

  • হীৰেন ভট্টাচাৰ্য। হীৰেন ভট্টাচাৰ্যৰ কবিতা। হীৰুদাৰ কবিতা।

Post a Comment

0 Comments