মাজ নিশাৰ অন্ধকাৰ ত গাৰুটো সাৱটি কম্বল খন খামুচি উঠো ।অজানা সঙ্কা এটায়ে খেদি কৰতোৱা কৰে মোক । পাৰা- পাৰ নোপোৱা কোনোবা লক্ষ্য ভ্ৰষ্ট নাৱিক ৰ দৰে মোৰ সপোন বোৰক জীৱন ৰ ঢৌৱে অসীম নীলিমাত থৰক বৰক কৰি যায়। চেপি ৰখা হাজাৰ টা সপোনে আহি প্ৰশ্ন উত্থাপন কৰে পাৰিমনে কেতিয়াবা এদিন সফলতাৰ আভাত ৰঙীন হ'ব ? খোচ মাৰি ধৰা বুকুৰ তলেদি শ্ৰাৱ্যহীণ এটা উকি উলাই আহে আৰু মই মাথোঁ ভাগৰোৱা হৈ চাই ৰ'ব পাৰো নিজক... কিন্তু ইয়াতেই মই নিজকে সামৰি লঁও। দুৰ দিগন্তত কলীয়া মেঘৰ মাজত গতিপথ হেৰুৱা স্বপ্নকামী নাৱিকৰ দৰে পুনৰ সপোনৰ দিশে পাল মেলি দিওঁ ।
1 Comments
প্ৰতিজন দিশহাৰা নাৱিকৰ মনৰ ভাৱ প্ৰকাশৰ বাবে মই তাৰে এজনে তোমালৈ কৃতজ্ঞতা জ্ঞাপন আৰু ভৱিষ্যতে আগুৱাই যাবলৈ শুভেচ্ছা থাকিলে
ReplyDelete