অসমখন প্ৰাকৃতিক সম্পদেৰে ভৰা যদিও ৰাজ্য খন সকলোফালৰপৰা পিছপৰা। অসমত প্ৰচুৰ পৰিমাণে কেঁচামাল পোৱা যায়,তৎসত্বেও অসমৰ উন্নতি ক'ত?
জাপান দেশখন শিল্প, সংস্কৃতি তথা উদ্যোগৰ ক্ষেত্ৰত চহকী। কিন্তু জাপানত কেঁচামালৰ অভাৱ। তথাপিও কিন্তু জাপান এখন উন্নত দেশ । কিয়? কাৰণ জাপানত জাতি-ধৰ্ম নিৰ্বিশেষে সকলো একেলগে কাম কৰি যায় । কিন্তু অসমত ST,SC,OBC,MOBC, GENERAL আদি জাতিভেদৰ বাবে অসম পিছপৰা । আমাৰ সংবিধানে সকলো জাতি-ধৰ্ম সমান বুলি আইন প্ৰণয়ন কৰিছিল, সেয়া জানো কাৰ্যকৰী হৈছে? জাপানত পঞ্চম মান শ্ৰেণীলৈকে বিদ্যালয় সমূহত নৈতিক শিক্ষাহে দিয়ে । কিন্তু আমাৰ ইয়াত পৰীক্ষা মাথোন পৰীক্ষা ।অসমত কেঁচা চাহপাত, খাৰুৱা তেল আদি প্ৰচুৰ পৰিমাণে পোৱা যায় । কিন্তু অসমত সেই অনুপাতে উদ্যোগ নাই । ফলত অসমে বজাৰ হেৰুৱায় । নদ-নদীৰে পূৰ্ণ অসমলৈ অন্ধ্ৰপ্ৰদেশৰ পৰাহে মাছ অনা হয় । যদি অসমতে উন্নত ধৰণে বৈজ্ঞানিক পদ্ধতিৰে মীন পালন কৰে ,তেন্তে অসমে অসমৰ মাছ অন্য ৰাজ্যলৈ ৰপ্তানি কৰিব পাৰিব । অসমত উপলব্ধ সম্পদসমূহক যদি উচিত ব্যৱহাৰ কৰা হয়,তেন্তে নিশ্চয় অসম বিশ্বৰ ভিতৰত জাকত-জিলিকা ৰাজ্য হিচাপে পৰিগণিত হ'ব ।
2 Comments
👍
ReplyDeleteধন্যবাদ
Delete