তোমাৰ বাবে
ভাবিলেই জানো পাৰি ফুলৰ হৈ যাব?
নাভাবিলেই জানো পাৰি উভতি আহিব?
তুমি আকাশ, জীৱন সাগৰ।
তোমাৰ পদূলিত হৃদয়ৰ অজস্ৰ গধূলি,
নমস্কাৰ।
বুকুত প্ৰেমৰ জীয়াঢল,
নিশব্দতাৰ ইমানবোৰ সাঁকো
অথচ মাজনিশাৰ কেনভাচত তোমাৰেই ৰংবোৰ আঁকো।
ইমানৰ পাছতো ওজৰ আৰু গোচৰ
"তোমাৰ ৰাতিপুৱাৰ কবিতাত মই কিয় নহওঁ এমুঠি পোহৰ?"
★★★★★★★★
0 Comments