Ticker

6/recent/ticker-posts

তোমাৰ আঁ‌ৰত একলম লিখাৰ চেষ্টাৰে 🔸মৈত্যেৰী



প্ৰচণ্ড ধুমুহা জাকলৈ মোৰ চকুৱে স্থবিৰ হৈ চাই সুধিলো- "দেখিছিলা নে নীলিম আকাশত মোৰ প্ৰাণঞ্জনাৰ প্ৰতিচ্ছবি... 

দেখিছিলা নে কোন দিশে গ'ল মোৰ হৃদয়কাননত তাণ্ডৱ কৰা নৰ্তকীজনী

বা বলা ফাগুনীজনী, দীঘল চুলিটাৰি

বিচাৰি তাইৰ ঠিকনা আজি

তোমাৰ দুৱাৰ দলিত

নীলিম জলৰাশিৰ চঞ্চল

বুকুৱেদি অসীমলৈ দৌৰ মৰা

মোৰ হৃদয়ৰ ঠিকনা বিচাৰি..

দিবা নে মোৰ ঠিকনাহীন নাৱক

পাৰৰ এভুমুকি...

❍❍❍❍❍❍❍❍❍❍


তোমাৰ আৰত একলম লিখাৰ চেষ্টাৰে 

✰মৈত্যেৰী

Post a Comment

0 Comments