অভিমান বোলা স্বাভিমানি শব্দবোৰ
জৰাৰ্জীন অৱস্থাত থকা আ অভিমান বোলা স্বাভিমানি শব্দবোৰ পোনাৰ মনতোৰ খবৰ কিছু পলমকৈয়ে ল'ম।
সিদিনা আনন্দৰ উৎসৱটো সন্তুষ্টিৰ হাঁহি নেদেখিলো ছোন আপোনাৰ ওঁঠত।
আপুনি নাকচ কৰা প্ৰস্তাৱৰ হাত দুনাই মেলোতেই স্বাভিমানে বৰকৈ কান্দিলে।
কিছু পলমকৈ হ'লেও আপোনাক মনৰ বতৰা সুধিম।
হৃয়া যে বৰ উদাৰ।
সেইহে স্বাভিমানক শুৱাই কিছুসময় আপোনালৈ সাঁচিম।
কিন্তু যদি পুনৰ আপোনাৰ সংস্পৰ্শত আহিবলৈ মনৰ অনুমতি নাপাও?
পুৰ্বৰ ভাৱ ধাৰাই মনটোক ভয়াতুৰ সজায়?
এখোজি,দুখোজি কৈ আগবাঢ়োতেই যদি পুনৰ স্বাভিমান সাৰ পাই?
বেয়া নাপাব।
আপোনাক পোৱাৰ আগতে উভতি আহিম
অপেক্ষাত নাথাকিব।
❍❍❍❍❍❍❍❍❍❍
1 Comments
সুন্দৰ
ReplyDelete