পশ্চিম আকাশত হেঙুলী আভা বিলাই ক্লান্ত বেলিয়ে সন্ধিয়ালৈ বাট এৰি গৈছিল। তেনেকুৱাতে মায়ে গৰম পানী এক গিলাচ বিচাৰিলে। কোনো আপত্তি নকৰাকৈ পাকঘৰলৈ গৈ গেছৰ ষ্ট'ভটোত পানী গৰম হ'ব দিলো ।পানীখিনিৰ উষ্ণতাৰ লগে লগে মোক এটা চেপা উত্তেজনাই উত্তেজিত কৰিলে। বাস্তৱ জগতৰ পৰা ক্ৰমান্বয়ে হেৰাই গ'লো। ......কি কৰিম ভবিষ্যতে ? এনেকৈ আৰু কিমান দিনলৈ মোৰ অকৰ্ণমন্যতা হ'ব ঠিক নাই। এতিয়া সময় নিজকে গঢ়াৰ , কৈশোৰ কালৰ চঞলতাত হেৰাই যাৱাৰ নহয় । এইটো নহয় যে কাৰো প্ৰতি আকৰ্ষিত হোৱা নাই এতিয়ালৈকে , কিন্তু যিবোৰ বান্ধোন আকৰ্ষণৰ ফলত গঠন হয় সেইবোৰ π-bond আৰু সহজে ভাগি যায় । গতিকে সঠিক সময়ত হে চিগমা গঠন কৰিম । কিন্তু এইটো ও সঁচা দুয়োটা এটা কম্পাউন্ডতে হয়। উফ! এইবোৰ ভাবি থাকি লাভ নাই। মুঠতে পঢ়াত মন দিব লাগে । দিনক দিনে পঢ়াৰ প্ৰতি মোৰ কমি যোৱা উদ্যমৰ কথা ভাবি অণ্ঠ-কণ্ঠ শুকাই গ'ল । যন্ত্ৰচালিত ভাবে পানীৰ গিলাচ এটাত মুখ দিলো । তন্ময় ভাবত পাকঘৰৰ পৰা পঢ়া টেবুললৈ খোজ দিয়োতে মায়ে সুধিলে "পানী?"মোৰ মুখৰ পৰা স্বতঃস্ফুত ভাবে ওলাই গ'ল "অ'হ ! সেইয়া মই নিজেই খাই পেলালো!" গিৰ্জনি মাৰি মায়ে হাঁহিলে আৰু সেই হাঁহিতে মোৰ চিন্তাৰ ৰেশ হেৰাই গ'ল।
0 Comments