Ticker

6/recent/ticker-posts

মাজুলী আৰু এখন দলং

মাজুলী আৰু এখন দলং


এটা কথা সদায়ে সচা যে যেতিয়া ৰজা
ৰ আসনত বহিব তেতিয়া প্ৰজাৰ ফালে পিঠি দিব। কিমাননো লিখিম একেটা কথাকে, কিমানে নো লিখিব এই কথাটোকে যে মাজুলী আৰু যোৰহাট সংযোগী এখন দলঙৰ আৱশ্যক। মোৰ এতিয়াও ভালদৰে মনত আছে যে
২০১৬ চনৰ বিধান সভাৰ নিৰ্বাচনত যেতিয়া মাজুলী সমষ্টিৰ পৰা নিৰ্বাচনত প্ৰতিনিধিত্ব কৰিছিল তেতিয়া তেওঁ প্ৰথম এটা কথাকে কৈছিল যে আমি যদি জয়ী হও তেতিয়া যোৰহাট আৰু মাজুলী সংযোগী দলংখনৰ কাম অতি সোনকালে আৰম্ভ কৰিম। এতিয়া আমি অতি সোনকাল মানে কি বুজিম। ৪ বছৰ সময় লয় নে অতি সোনকালে। সচাকৈ কথাবোৰ আচৰিত নহয়নে? সৰ্বানন্দ সোনাৱাল ডাঙৰীয়া মাজুলী জিলাৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈ মুখ্যমন্ত্ৰীৰ আসন অলংকৃত কৰিলে। কিন্তু তেওঁ মাজুলী যোৰহাট সংযোগী দলঙৰ নামত এটা আধাৰশিলা বহুৱাই মাজুলীবাসীক এটা মিছা প্ৰতিশ্ৰুতি দি ৰ'ল। 


এইটোও আচৰিত যে হাজাৰ টকীয়া এটা কাম। মানে এটা আধাৰশিলাৰ নামত কিমান খৰচ হ'ব বাৰু? কিন্তু তাতকৈ বেছি খৰচ কৰিলে মন্ত্ৰী সকলৰ অহা যোৱা, থকা খোৱাৰ নামতহে। সচাকৈ আৰু কিমানো ক'ব লাগিব মাজুলীৰ লোকসকলৰ বাবে বহুত আৱশ্যক দলং খনৰ। 

সচাকৈ এটা কথা আচৰিত লাগে সত্ৰৰ নামত যে চৰকাৰে টকা ঢালে তাৰ বিপৰীতে দলংৰ নামত খৰচ কৰক। বিদেশ ভ্ৰমন কৰি কৰি ৰাইজৰ পৰা তোলা ৰাজহ খিনি খৰচ কৰিছে। প্ৰতিমূৰ্টি সাজিছে কিন্তু দলঙৰ নামত যোৱা ৪ বছৰে চৰকাৰে একো এটা কৰিব নোৱাৰিলে।  যদি এতিয়া দলঙৰ কথাটোৰ বিষয়ে বহলাই ক'বলে যাও যদি চৰকাৰৰ বিষয়ে কিবা কও তেন্তে পালি পহৰীয়া ভণ্ডবোৰৰ ভণ্ডামি আৰম্ভ হৈ যাব। মানে দলৰ নামত দাদাগিৰী দেখুওৱাসকলৰ কথা কৈছো। নিজকে মানুহৰ আগত পলিটিকছ লীডাৰ বুলি স্বীকৃতি দি ফুৰে কিন্তু তেওঁলোক মন্ত্ৰী আমোলাৰ গাড়ী ধোৱা কেইজনহে আচলতে। 

এক কথাত বহুতে নিম্ন চিন্তা কৰিয়েই থাকিব যে মাজুলী যোৰহাট সংযোগী দলং হ'লে মাজুলীলৈ বিপদ আহিব, চোৰৰ সংখ্যা বাঢ়িব , মাজুলীনখন এনেকৈ নদীৰ মাজত সুৰক্ষিত এনেবোৰ কথা। কিন্তু মই এনে চিন্তা কৰা মহান মনীষী সকললৈ প্ৰাৰ্থনা কৰিছো যে এনে চিন্তা পৰিত্যাগ কৰক। কাৰন এটা কথা আজিলৈকে দলঙৰ নামত এটা আধাৰশিলাই হৈ থাকিল। কিমান ছাত্ৰ ছাত্ৰীৰ সপোন মৰহি গৈছে নদী খনৰ বাবেই। 


পানী বাঢ়িল বুলি, কেতিয়াবা ফেৰী খন পানীত লাগি ধৰিল বুলি সঠিক সময়ত যোৰহাট উপস্থিত হ'ব নোৱাৰি পৰীক্ষা এটা দিবৰ পৰাও বঞ্চিত হৈছে। শিক্ষাৰ ক্ষেত্ৰতে হওক বা কৰ্মসংস্থানৰ ক্ষেত্ৰতে হওক কথাবোৰ ভৱাটো প্ৰয়োজন।  দলৰ নামত মাজুলীৰ ভণ্ডসকলে ভণ্ডামি কৰিব জানিলে। মুৰ্খ যে। সকলোৱে ছাত্ৰ ছাত্ৰীয়েই ভুক্তভোগী এই সমস্যাত।চৰকাৰে যে পৰ্যটকৰ নামত কৰ উঠাব পাৰে তাৰ ভিতৰত মাজুলীও পৰে। কিন্তু তেনে পৰ্যটকে সময়ত ফেৰী ধৰিব নোৱাৰি পুনৰ উভতি যায়।
  কথাবো অলপ ভালকৈ ভাৱক সকলোৱে।
 

Post a Comment

0 Comments