ফুটুকাৰ ফেনত পৰিণত হৈছে শিশুশ্ৰমিক বন্ধ কৰা শ্লোগান আৰু আইন-আন্দোলনবোৰ ।শিশু শ্ৰমিক বন্ধ কৰা, শিশুসকলক পঢ়িবলৈ দিয়া,তেওঁলোক দেশৰ সম্পদ,তেওঁলোকক আগবঢ়াই লৈ যোৱাতো সকলোৰে দায়িত্ব --- এনেবোৰ কথা আৰু কিমান শুনিম?
আমি এইবোৰ কথা এখন কানেৰে শুনিছো আৰু আনখন কানেৰে উলিয়াই দিছোঁ। আচলতে পৰিস্থিতিটো তেনেকুৱাই হৈছে । আজিৰ যুগটো প্ৰতিযোগিতাৰ যুগ। আমাৰ দেশখন আন দেশতকৈ কেনেকৈ এখোজ আগবাঢ়ি যাব পাৰে সেইটো চিন্তা কৰাটো বেছি প্ৰয়োজন হৈ পৰিছে।এখন দেশ আনখন দেশতকৈ তেতিয়াহে আগবাঢ়িব পাৰিব যেতিয়া দেশখনৰ মানৱসম্পদৰ বিকাশ হ'ব।উদাহৰনস্বৰূপে চুবুৰিয়া দেশ চীনৰ কথাকে ক'ব পাৰি । যিখন দেশৰ মানৱম্পদ দেশ খনৰ জনসংখ্যাৰ ৯৯%।গতিকে এইখন দেশ সকলো ফালৰ পৰা উন্নত।কিন্তু ভাৰতবৰ্ষৰ মানৱসম্পদ খৰকৈ বৃদ্ধি নোপোৱাৰ মূলতে আছে ভাৰতবৰ্ষ বিশেষকৈ অসম ৰাজ্যৰ জনসাধাৰনৰ মাজত সচেতনতাৰ অভাৱ । মানৱসম্পদ বিকাশ হ'বলৈ হ'লে সদায় শিশুসকলৰ বিকাশ হোৱাটোহে বেছি প্ৰয়োজন।কাৰন আজিৰ শিশু দেশৰ ভৱিষ্যৎ।আমাৰ দেশত আন্দোলন,বিদ্ৰোহ আদি হৈয়ে থাকে যদিও কোনো লাভ হোৱা নাই।আচলতে আন্দোলন কৰিব পৰা জাতিৰপিতা জন্ম হোৱা নাই । যদি হৈছেও তেনে লোকক চৰকাৰে গুৰুত্ব দিয়া নাই । শিশুশ্ৰমিকৰ ব্যৱহাৰৰ বিৰুদ্ধে যিসকলে আন্দোলন কৰে তেওঁলোকেও কেতিয়াবা হোটেল,দোকান,ডাঙৰ ডাঙৰ দোকানবোৰত শিশুসকলে কাম কৰি থকা দেখা পাইছে ।তেন্তে তেওঁলোকে শিশুসকলক কিয় উদ্ধাৰ কৰিব নোৱাৰে ? এইটো কথা ১০০% ই সত্য যে প্ৰায় সকল লোকেই শিশুসকলক কাম কৰি থকা দেখা পায় সামান্য এটা মাননিৰ বাবদ।উদাহৰনস্বৰূপে গুৱাহাটি মহানগৰীৰ কথাকে ক'ব পাৰি । তাত বহুত শিশু ওলাব যিসকলে সামান্য মাননীৰ বাবদ নিজৰ জীৱন ধ্বংস কৰি মালিকৰ কঠোৰ শাসন মানি কাম কৰি আছে। এইসকল শিশু শ্ৰমিকক চৰকাৰ -প্ৰশাসন,
দল-সংগঠনে উদ্ধাৰ কৰি শিক্ষাৰ পোহৰ দিয়াত কিমানদূৰ সফল হয়,সেয়া লক্ষ্যণীয় হ'ব ।
0 Comments