Ticker

6/recent/ticker-posts

সচেতনতাৰ আঁ‌ৰ‌ত ♦️ জে কে ভৰদ্বাজ ।


 
আমি বাৰু কিমান সচেতন? তাৰ কিবা প্ৰমাণ আছেনে? এটা কথাত ক’বলৈ গ’লে আমিবোৰ সম্পূৰ্ণৰূপে অসচেতন।মোৰ মনত ক’বলৈ বহুত কথা আছে। কলমটো ল’লেই কথা ওলাই গৈ থাকিব। দুই-তিনিটামান বিষয়ৰ সন্দৰ্ভতহে মোৰ ক’বলগীয়াখিনি দাঙি ধৰিলোঁ। আমি যে, স্বচ্ছতাৰ ক্ষেত্ৰত বিভিন্ন শ্লোগান দি ফুৰিছোঁ, তাৰ পৰা কিবা লাভালাভ হৈছেনে? মোৰ দৃষ্টিত একো ধনাত্মক পৰিৱৰ্তন পৰিলক্ষিত হোৱা নাই।

বিশ্ব পৰিৱেশ দিৱস, পাৰিপাৰ্শ্বিকতা দিৱস বা মেল-মিটিং পাতি, কেমেৰাৰ সন্মুখত এদিনৰ বাবে ৰাজহুৱা ঠাইবোৰ চাফা কৰি, গছপুলি ৰুলেই জানো স্বচ্ছতা বৰ্তি থাকিব? পৰৱৰ্তী দিনবিলাকত গছপুলিবিলাকৰ প্ৰতিপালন কৰা হয়নে? সভা-সমিতি সমূহৰ কাৰ্য্যসূচীৰ অংশ হিচাপে প্ৰথমতে সমূহীয়া চাফাই ঠিকেই কৰে, কিন্তু সভাৰ শেষত ঠাইডোখৰ বিভিন্ন ধৰণৰ কাগজ, খোৱাবস্তুৰ পেকেট, প্লাষ্টিকৰ পানীবটল আদি পেলনীয়া সামগ্ৰীৰে ভৰি পৰে। তাৰ চাফ-চিকুণ কোনে কৰে? ৰাজহুৱা স্থান সমূহ ধঁপাত মুক্ত অঞ্চল কৰিবলৈ যি অভিযান চলি আহিছে, তাৰ কাৰ্য্যকৰী ৰূপটো দেখা পোৱা নাযায়। বিদ্যালয়সমূহৰ ১০০ মিটাৰ দূৰলৈকে ধঁপাত জাতীয় সামগ্ৰী বিক্ৰী বন্ধ কৰা আঁচনি ফলপ্ৰসু হৈছেনে? আইন প্ৰস্তুত কৰাসকলৰো গৰিষ্ঠসংখ্যকেই ধুমপান, মাদক দ্ৰব্য সেৱন কৰে।

এদিনৰ বাবে ৰাজহুৱা ঠাইবোৰ চাফা কৰি, গছপুলি ৰুলেই জানো স্বচ্ছতা বৰ্তি থাকিব? পৰৱৰ্তী দিনবিলাকত গছপুলিবিলাকৰ প্ৰতিপালন কৰা হয়নে?
অসমীয়া ভাষাৰ উন্নতিৰ হকে যিসকলে গুৰু উদ্যোগ লৈছে, মাতৃভাষাৰ ৰক্ষাৰ্থে যিসকলে চিন্তা-চৰ্চা সংবাদ মাধ্যমৰ যোগেদি প্ৰকাশ কৰি আহিছে, শ্লোগান দিছে, আন্দোলন কৰিছে, তেওঁলোকে নিজৰ সন্তানবোৰক জানো অসমীয়া মাধ্যমৰ বিদ্যালয়ত নামভৰ্তি কৰোৱাইছে? গণতান্ত্ৰিক প্ৰতিবাদৰ নামত অসমতে বন্ধৰ হাৰ বেছি ।বন্ধৰ পৰা ৰাজ্য এখনৰ উন্নয়নৰ কিমান ক্ষতি হয় সেয়া বন্ধ দিয়া সংগঠনবোৰে জানেনে? অসম বন্ধৰ ভুক্তভোগী হোৱা সকলেহে অনুভৱ কৰিব পাৰে বন্ধ কিমান ক্ষতিকাৰক।এদিনৰ বন্ধত দৈনিক শ্ৰম কৰি খোৱা বহুতো পৰিয়ালে ভোকে-লঘোণে থাকিবলগীয়া হয়। ছাত্ৰ-ছাত্ৰীসকলে পৰীক্ষাকেন্দ্ৰ বা চাকৰি প্ৰাৰ্থীসকলে সাক্ষাৎকাৰলৈ যোৱাৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হয়।



বন্ধৰ ফলত গাড়ীৰ ভিতৰতে যদি কেতিয়াবা ৰোগীৰ মৃত্যু হৈছে, কেতিয়াবা বৰযাত্ৰী দলৰ ওপৰতো আক্ৰমণ চলোৱা হৈছে। বন্ধ সমৰ্থনকাৰীসকলে নিৰীহ যাত্ৰীৰ ওপৰত আক্ৰমণৰ অধিকাৰ ক’ত পালে? তেওঁলোকৰ শাস্তি কি হয়? বন্ধৰ আহ্বান জনোৱা সংগঠনবোৰে এহাতে পৰিৱেশ প্ৰদূষণ ৰোধ কৰাৰ ক্ষেত্ৰত বিভিন্ন আন্দোলন হাতত লয়, আনহাতেদি ৰাজপথত গাড়ীৰ টায়াৰ, খেৰৰ জুমুঠি জ্বলাই বায়ুপ্ৰদূষণ সৃষ্টিৰে বন্ধ উদযাপন কৰে। এয়াই নেকি পৰিৱেশৰ প্ৰতি তেওঁলোকৰ সচেতনতা?
বহুতো মটৰবাইক চালকে হেলমেট নিপিন্ধাকৈ বাইক চলায়। বহুতে আকৌ হাততহে হেলমেট পিন্ধি বাইক চলোৱা দেখা যায়। মূৰত হেলমেট পিন্ধিলেও সেয়া সন্মুখত থকা পুলিচচেকিঙৰ ভয়তহে, কাৰণ জৰিমনা ভৰিব লাগিব। দুৰ্ঘটনাৰ প্ৰতি আমি কিমান সচেতন ইয়াৰ পৰাই প্ৰমাণিত হয়। সচেতনতাৰ নামত সচেতন হোৱাৰ যি অভিনয় কৰ হয়, সেয়া সঁচাইদুৰ্ভাগ্যজনক।  

✍🏻 জে কে ভৰদ্বাজ
ঠিকনাঃ মাজুলী, যোৰহাট
Instagram : Click Here 

Post a Comment

0 Comments