Ticker

6/recent/ticker-posts

সৃষ্টিৰ জ্যোতি ♦️ জে কে ভৰদ্বাজ ◾অসমীয়া কবিতা ।

 

 সৃষ্টিৰ জ্যোতি

  তোমালোক বাৰু কিহেৰে নিৰ্মিত?
তোমালোকৰ বাৰু কিয় নালাগে ভাগৰ?
তোমালোকে কৰা মাথো সৃষ্টি
সহায় কৰা এখন দেশৰ সংস্কৃতিক।
দুৰ্বলতাৰ দুৱাৰ ভাঙি
শ্ৰমৰ লাইখুটাৰে,
স্থাপন কৰিছিলা এটি নতুন ঘৰ
য'ত আছে মাথো
শ্ৰম আৰু ত্যাগৰ কোঠালি।
গাৰ তেজ পানী কৰি
দুঃসাহসিক কাম কৰি
উন্নতি সাধা দেশৰ আৰু সমাজৰ…
কিন্তু তোমালোকৰ?
উন্নতি নে অনুন্নতি?
মালিকৰ কঠোৰ শাসন মানি
নিৰ্বিকাৰ হৈ কৰি যোৱা কাম
দেশ আৰু দহৰ মংগলৰ হেতু।
আৰু ইয়াৰ পিছতো
তোমালোক কি শ্ৰমিক
ওহো ভুলতো নহয়
তোমালোক হ'লা দেশৰ প্ৰগতি
সৃষ্টিৰ জ্যোতি………

✍🏻জে কে ভৰদ্বাজ

ঠিকনাঃ মাজুলী, যোৰহাট
Instagram : Click Here

Post a Comment

0 Comments