তাৰ নাম বাবলু ।সকলোৱে তাক বাপু বুলিয়েই মাতে। তাৰ কৰ্তব্যনিষ্ঠা আৰু কৰ্মপৰায়ণতাৰ বাবে তাক সকলোৱে মৰম কৰে ।ৰাতিপুৱা সি ওলাই যায় আৰু ঘৰ সোমাওতে ৰাতি হয় । ঘৰত তাৰ দেউতাক আৰু ভায়েক এটা আছে । ভায়েকটো সৰু, আৰু ৰোগীয়া দেউতাকে কাম কৰিব নোৱাৰে । এতিয়া ঘৰৰ সকলো দায়িত্ব বাবলুৰ ওপৰত ।মাক আৰু বায়েকজনী থাকোতে তাৰ সিমান চিন্তা নাছিল ।সেয়া এক দুখ লগা ঘটনা। এবাৰ তাৰ মাক আৰু বায়েকজনী কিবা কামত ওচৰৰ পাহাৰলৈ গৈছিল। কিন্তু তাত যে লুকাই আছিল তেওঁলোকৰ মৃত্যু। এচাম অন্ধবিশ্বাসী লোকে তেওঁলোকক ভৈয়ামৰ ডাইনী সজাই হত্যা কৰিলে ।ঘটনাস্থলীত এজন পুলিচ বিষয়া আছিল যদিও মাক আৰু বায়েকক আক্ৰমণকাৰী মানুহৰ পৰা বচাব নোৱাৰিলে ।কথাবোৰ মনত পৰিলে বাবলুৰ বুকুখনত এক অবুজ বেদনাই ছানি ধৰিলে ।
সৌৱা, ৰাতিপুৱাই নিয়ৰৰ আঁচল ফালি ফটা জেকেটৰ উম লৈ সি গৈ আছে ক'ৰবাত কাম পোৱাৰ আশাত। কালি পোৱা কামৰ পইচাৰে দেউতাকলৈ গৰম কাপোৰ এখন আনি দিলে। কিন্তু আজি খাবলৈ ঘৰত একো নাই। গতিকে আজি ক'তো কাম বিচাৰি নাপালে সিহঁতৰ লঘোণ হোৱাটো নিশ্চিত। নিজৰ পঢ়া-শুনা এৰি সি ভায়েকক পঢ়ুৱাইছে। তাৰো স্কুললৈ যাবলৈ মন যায়। কিন্তু ঘৰৰ পৰিস্থিতিয়ে তাক কামত লগোৱাত বাধ্য কৰায় । হঠাৎ তাৰ সন্মুখত এখন বেলেন' ৰ'লহি।
তাক সুধিলে: "কাম কৰিবিনে?" সি তপৰাই ক'লে: "কৰিম।"
----: "তেন্তে উঠ।"
তাৰ মনটো হাঁহিৰে উপচি পৰিল ।সি নাজানে কি কাম কৰিবলৈ দিব ,কিন্তু কাম পোৱাৰ আনন্দত সি একেজাপে গাড়ী খনত উঠিলে ।বাবলুৱে মানুহজনক চিনি পালে ।কালি মানুহজনে এটি ৰোডত বিশাল সমদল আৰু দুজনমান কেমেৰামেনৰ আগত 'শিশু শ্ৰমিক বন্ধ কৰক' বুলি শ্লোগান দি গৈ আছিল ।বাবলুৱে ভাবিলে-- সিয়োতো এটা শিশু শ্ৰমিকেই ।(সমাপ্ত).
0 Comments