Ticker

6/recent/ticker-posts

ফাগুনৰ জুই ❖ উপাসনা শিৱম ।


 ফাগুনৰ জুই

এইবেলি ফাগুন আকৌ আহিল

ৰঙা জুই লৈ

ৰঙা মদাৰৰ পাহিত জুই হৈ

জ্বলে ওৰে দিন

ফাগুন আহিল বুলি।


ফাগুনৰ বেদনাখিনিকে গোটাই

ফাগুনৰ ফাকুগুড়ি চটিয়াই

ৰং ৰঙা জুই হৈ

মোৰ হৃদয় জ্বলে প্ৰতিদিন

ফাগুন  কিয়নো আহিলা তুমি।


এইবেলি আহি আকৌ শুপ্তমন

জাগ্ৰত কৰিলা

ধোঁৱা ছাই জুই আকৌ সানিলা

মোৰ ৰ'দে পোৰা পৃথিবীত

মোৰ ধৰাৰ ফাগুন তুমি

বন পলাশৰ মনৰ ফাগুনে

তেজ ৰঙা হৈ জ্বলে অগনন

তেজৰ শিৰাই শিৰাই অতৃপ্ত বলুকা ৰাশি।


ফাগুন! তুমি আহিবাই

আহি নতুন একুৰা জুই জ্বলাবাই

ধৰাৰ বুকু জগাবলে

প্ৰকৃতিৰ পালিতা 

অনন্যা ফাগুন তুমি...।

❍❍❍❍❍❍❍❍❍❍

✍🏻উপাসনা শিৱম
ঠিকনাঃ দৰং জিলা

Facebook : Click here 

Post a Comment

0 Comments