এইকেইদিন ৰিণিকিৰ ওজৰ-আপত্তিবোৰ দিনে দিনে বাঢ়িছে| কথাই কথাই আপত্তি, খোজেপতি ওফোন্দ|ক’ৰবাত অকণমান কেণা লাগিলেই হাত-ভৰি এচাৰি ছোৱালীজনীয়ে গছৰ পাত সৰুৱাও যেন কৰে|ক’ৰবাত কিবা এটা দেখিলেই হ’ল আৰু! লগে লগে সেইটো তাইকো লগা হয়|কোনে, ক’ৰপৰা, কেনেকৈ তাইক সেই বস্তুটো আনি দিব সেইবোৰ লৈ তাই মূৰ নঘমায়|
ৰিণিকিৰ দেউতাক ডা:অমৰজ্যোতি শৰ্মা এজন দায়িত্বশীল চিকিত্সা বিষয়া| মানুহজন কথা-বতৰা, ব্যৱহাৰ-পাতিত অতি ভদ্ৰ, নম্ৰ|তেখেতে বোধকৰো কাকো কেতিয়াও টান কথা এষাৰ কৈ পোৱা নাই|দেউতাকৰ এই কোমল স্বভাৱৰ সুযোগ আদায় কৰিছে ৰিণিকিয়ে|তাই তাইৰ ওজৰ-আপত্তিবোৰ কোনোমতে আনি দেউতাকৰ ওচৰ পোৱালেহিয়েই হৈ গ’ল|তেখেতে যেনে-তেনে জীয়েকক সুখী কৰিবই|পাছে এইকেইদিন ডা:শৰ্মা ঘৰত নাই|মিটিং এখনত যোগ দিবলৈ দিল্লীলৈ গৈছে|সেয়ে ৰিণিকিৰ আপত্তিৰ টোপোলাটোও দিনে দিনে গধুৰ হৈ আহিছে|দেউতাক আহিলে ক’বলৈ তাইৰ ভালেখিনি আপত্তি গোট খাই আছে|
ৰিণিকিয়ে তাইৰ বাবে দিল্লীৰপৰা আনিবলগীয়া বস্তুবোৰৰ এখন দীঘলীয়া তালিকা দেউতাকক দি পঠাইছে|এটা প্ৰকাণ্ড টেডি বিয়েৰ, এটা গান গোৱা পুতলা, এযোৰ ৰঙা লে’চ লগোৱা মোজা, তিনিটা ফ্ৰক,চুলিত মৰা বেলেগ-বেলেগ ডিজাইনৰ ক্লিপ,বিশেষ ধৰণৰ এটা স্কুল বেগ –আৰু যে কত কি! পৰিয়ালৰ আটায়ে কয় ডা:শৰ্মাই বোলে ছোৱালীজনীক লাই দি দি তাইৰ স্বভাৱটো বেয়া কৰিলে|পাছে তেখেতে কথাটো তেনেকৈ নাভাবে|তেখেতৰ বিশ্বাস, মৰমেৰেহে ল’ৰা-ছোৱালী শাসন কৰিব পাৰি|ডাবি-ধমকি, মাৰ-পিট কৰি ল’ৰা-ছোৱালী শাসন কৰা দিন এতিয়া আৰু উকলিল|ডা:শৰ্মাই ভবা কথাটো একেবাৰে মিছাও নহয়|এনেয়ে ওভত গোৰে নচা ৰিণিকিয়ে কিন্তু দেউতাকৰ কথা আখৰে আখৰে মানি চলে|আৰু দেউতাক ঘৰত থাকিলে তাই এনেকৈ থেনেথেনাইয়ো নাথাকে|
কেইদিনমানৰ আগৰ কথা|সেইদিনা ৰিণিকিৰ মাকৰ গা-মূৰ সিমান ভাল নহয়|ইফালে ৰিণিকিৰ বছৰেকীয়া পৰীক্ষাৰ সময়ো ওচৰ চাপি আহিছে|মাকে তাইক আগৰ দৰে পঢ়ুৱাব পৰা নাই|পঢ়াৰ সময়ত মাক ওচৰত বহি নাথাকিলে তাই নপঢ়ে|তাইৰ মনৰ ভাৱ, মাক বিচনাত শুই থাকিব আৰু তাই বহি বহি পঢ়ি থাকিবনে?যেন তাই মাকৰ কাৰণেহে পঢ়িছে!মাকে বিচনাৰ পৰাই তাইক কৈ আছে, অমুক কবিতাটো পঢ়া, তমুক অনুশীলনীৰ অংকখিনি কৰা;পাছে নাই- ৰিণিকিৰ সেইবোৰলৈ কাণসাৰেই নাই|তাই পঢ়া-মেজত বহি ৰঙীণ পেনছিলৰ বাকচটো উলিয়াই ছবি অঁকাত ব্যস্ত|ছবি মানে তাই কিবা স্কুলৰ দৰকাৰী সেই গিলাচ, কিতাপ, আম আদি আঁকিছেনে? নাই অঁকা|তাই পুৰণি আলোচনী এখন উলিয়াই তাৰ ক’লা-বগা ছবিবোৰত ৰং কৰাতহে লাগিছে| ইফালে মাকে ভাবিছে,-- হওক তেও, ছোৱালীজনীৰ পঢ়া-শুনাত মতি হৈছে|পাছে এবাৰ ছোৱালীজনীয়েনো ইমানপৰে নিৰলে কি কৰি আছে চাওঁগৈ বুলি মাক কোনোমতে বিচনাৰপৰা উঠি আহি, যেতিয়াই জীয়েকৰ এই কীৰ্তিবোৰ দেখিলে- তেতিয়াই খঙত একো নাই হৈ তাইক দিলে ঠলামূৰি দুটামান|উস্, তাৰ পাছত কি যে কাণ্ড!ছোৱালীজনীয়ে মাটিয়ে-বালিয়ে বাগৰি, বস্তু-বেহানি দলিয়াই-ফৰ্মূটিয়াই, গোটেইজনীয়ে একেবাৰে ৰণচণ্ডী মূৰ্তি ধৰি খাওঁ খাওঁকৈ আহিল|তাইৰ কান্দোনৰ চিঞৰে গগন ফালোঁ যেন কৰিলে|ভাগ্যে তেনেতে জানিবা দেউতাক আহি ঘৰ সোমালহি|তেখেতে কোনোমতে ৰিণিকিক বঢ়াই-বুজাই সৈমান কৰালে|তাইক গাড়ীত তুলি অকণমান ফুৰায়ো আনিলেগৈ| তেখেতে জীয়েকেক কি জানো বুজালে, ফুৰি আহি তাই দেখোন নিজে নিজেই কিতাপ-পত্ৰ উলিয়াই লৈ পঢ়িবলৈ বহিল|গধূলি দেউতাক ঘৰলৈ অহাত তাই পঢ়াবোৰ দেখুৱালে|কবিতাও মুখস্থ কৰিলে, হাতৰ আখৰো লিখিলে, অংকও শুদ্ধকৈ কৰিলে|মুঠতে এঘণ্টাতে ছোৱালীজনী সলনি হৈ গ’ল!আন নালাগে ৰিণিকিৰ মাকৰে ঘটনাটো সাঁথৰ যেন হে লাগিল|মাকলৈ চাই দেউতাকে মিচিকিয়া হাঁহি এটা মাৰি থ’লে|
এতিয়া বিপদ হৈছে দেউতাক ঘৰত নথকাতহে|তাতে নতুন ভায়েকেটোলৈ ৰিণিকিৰ বৰ হিংসা|আজি এমাহমান হ’ল ৰিণিকিৰ ভায়েক এটাৰ জন্ম হৈছে| ল’ৰাটো জন্ম হোৱাৰ পঁচিছ দিনৰ পাছতে ডা: শৰ্মা দিল্লীলৈ গ’ল|সৰু কেঁচুৱাটো লৈ মাকৰ অসুবিধা হ’ব পাৰে বুলি ৰিণিকিৰ আইতাক আহি এতিয়া তেওঁলোকৰ লগতে আছেহি|আইতাকেও এইকেইদিন ৰিণিকিৰ কাণ্ড-কাৰখানাবোৰ দেখি আচৰিত হৈছে|ভায়েকটোৰ লগত তাইৰ পদে পদে জেদ|
“মায়ে এই কেঁচুৱাটোক দেখোন গা ধুৱাই দিছে, মোক কিয় ধুৱাই নিদিব?এয়া মোৰহে মা!”
“এইটো ক’ৰ কেঁচুৱা আনিছা?বিচনাতে ‘হেৰি’ কৰা লেতেৰা কেঁচুৱা এইটো! যোৱা তাক আকৌ হস্পিতালত থৈ আহাগৈ|”
“এই লেতেৰা কেঁচুৱালৈ আলহী মানুহবোৰেও ইমানবোৰ নতুন কাপোৰ-চাপোৰ কিয় আনিছে? মোকো লাগিব!”—মুঠতে ৰিণিকিৰ অনেক আবদাৰ|তদুপৰি তাই ভায়েকৰ কথা আচলতে কেতিয়াও ভাইটি বা ৰংমন বুলি নকয়েই| আচলতে তাই তাইৰ ভায়েক এটা থকাৰ কথাটো সহ্যই কৰিব পৰা নাই|মাক আৰু আইতাকে এই কথাটোকে তাইক কিমান বুজাইছে,-- নাই, তাই নুবুজে|বৰং লাহে লাহে তাইৰ জেদ বাঢ়িছেহে!আজি বোলে ইটো লাগে, কালি বোলে এইটো কিয় নকৰিলা,-- মুঠতে গোটেই ঘৰখনেই তাইক লৈ সন্ত্ৰস্ত| আটায়ে বাট চাই আছে কেতিয়ানো ৰিণিকিৰ দেউতাক আহি পাইহি!তেতিয়া অন্তত: আটায়ে সকাহ পাব|
যথা সময়ত ডা: শৰ্মা আহি ঘৰ পালেহি|ঘৰৰ খা-খবৰবোৰৰ লগতে ৰিণিকিৰ কাণ্ড-কাৰখানাবোৰৰ কথা শুনি তেখেত অলপ চিন্তিত হ’ল|
পাছদিনা আনদিনাতকৈ অলপ সোনকালে ৰাতিপুৱা চাহ-জলপান খাই ডা: শৰ্মা হস্পিটেললৈ যাবলৈ ওলাল|লগতে তেখেতে ৰিণিকিকো ওলাবলৈ ক’লে|
“কোনফালে যাবা দেউতা?আজি মোকো তুমি হস্পিটেললৈ লৈ যাবা নেকি?”—দেউতাকৰ ওচৰত তেনেই লেউ-সেউ হৈ পৰা ৰিণিকিয়ে কোমল সুৰেৰে সুধিলে|
“ব’লাচোন বাৰু|ওলোৱা|আজি তোমাক অলপ ফুৰাই আনোগৈ|মই তোমাক বহুতদিন ফুৰাবলৈ নিয়াই নাই নহয়|”
“বাহ, বঢ়িয়া হ’ব!”
এইবুলি ৰিণিকি লগে লগেই সাজি-কাচি ওলাল|অইনদিনা তাই ফ্ৰ্কটো পিন্ধাই দিবলৈ মাকক খাতিৰ কৰি থাকে, আজি পিছে দেউতাকে দিল্লীৰপৰা অনা লে’ছ লগোৱা নীলা ফ্ৰ্কটো তাই নিজেই পিন্ধিলেগৈ|তাই জোতাযোৰৰ ফিটাডাল পিছে নিজে মাৰিব নোৱাৰিলে|সেয়ে জোতাযোৰ হাতত লৈ তাই দেউতাকৰ ওচৰ পালেহি| কাৰণ মাকৰ লগত এইকেইদিন ৰিণিকিৰ মাতবোল নাই|মানে ‘কাট্টি’|মাকে যে সেই ‘লেতেৰা কেঁচুৱা’টো মৰম কৰে, সেইবাবে!মাকৰ বিৰুদ্ধে তাই ইতিমধ্যে দেউতাকক এহালিচামান কথা লগালেই|আইতাককো তাই ভাল নাপায়|তেখেতে ৰিণিকি কাষ চাপিলেই ‘পায়-নাপায়’ৰ দীঘলীয়া বক্তৃতা দিয়ে যে!সেই আমনিলগা কথাবোৰ তাইৰ শুনিবৰ মন নাযায়|
ডা: শৰ্মাই আজি ৰিণিকিক ‘আশ্ৰয়’লৈ লৈ আহিল|হস্পিটেলৰ ওচৰৰ ‘আশ্ৰয়’ নামৰ এই অনাথ আশ্ৰমখনত কুৰিটামান ল’ৰা-ছোৱালী আছে|দুবছৰ মান বয়সৰপৰা বাৰ মান বয়সৰ এই ল’ৰা-ছোৱালীবোৰক আশ্ৰয় দিয়া এই প্ৰতিষ্ঠানটো স্থানীয় সংঘ এটাই চলায়|ৰিণিকিৰ দেউতাকো সংঘটোৰ এজন সক্ৰিয় সদস্য|
“চোৱা ৰিণিকি, এয়া দীপক,নীল; সৌৱা কৰবী, মামনি|এওঁলোক তোমালোকৰ দৰেই সৰু সৰু ল’ৰা-ছোৱালী|কিন্তু এওঁলোকৰ কোনো নাই|মাক-দেউতাক, ভায়েক-ভনীয়েক কোনোৱেই নাই|”
“ভায়েক-ভনীয়েকো নাই? ইম্মান ভাল|মোৰ যে সেই লেতেৰা ভাইটিটো আছে!ছি:!”—এইবুলি ৰিণিকিয়ে নাক কোঁচালে|
“নাপায় ৰিণিকি|সেইটো তোমাৰ ভাইটি ৰংমনহে|তাক তুমি মৰমহে কৰিব লাগে!সি অকণমান ডাঙৰ হ’লে তুমি তাৰ লগতে খেলিব পাৰিবা দেখোন| আৰু তাক ‘লেতেৰা’ বুলি কিয় কৈছা?সি এতিয়া সৰু হৈ আছে কাৰণেহে| তুমিওতো সৰুতে তাৰ নিচিনাই কেঁচুৱা আৰু লেতেৰা আছিলা|একেবাৰে ৰংমনৰ নিচিনাই!এতিয়াহে তুমি ডাঙৰ হৈ বাথৰুমত গা-পা ধুব পৰা হৈছা|”
ৰিণিকি অলপ পৰ টলকা মাৰি থাকিল|চাৰিওফালে এবাৰ চাই তাই ক’লে,--
“এই ল’ৰা-ছোৱালীবোৰৰ আৰু খেলা-বস্তু নাই নেকি?সেই ভগা-ছিগা, পুৰণা পুতলা দুটাকে লৈ যে খেলি আছে?”
“নাই, মাজনী|সিহঁতৰ আৰু খেলা-বস্তু নাই|কোনে দিব সিহঁতক খেলা-বস্তু?”
“ইয়ে! আৰু খেলা-বস্তু নাই! মাত্ৰ সেই পুতলা দুটাই?”
ৰিণিকি যেন আকাশৰপৰাহে সৰি পৰিল|লগে-লগে তাই যেন বহুত নুবুজা কথা বুজি পালে|ল’ৰা-ছোৱালীকেইটালৈ তাই তধা লাগি চাই থাকিল|
“ব’লা দেউতা|ঘৰলৈ যাওঁ|”
ৰিণিকিৰ ব্যৱহাৰত ডা:শৰ্মা আচৰিত হ’ল|আজি দেখোন ৰিণিকি নিজেই ঘৰলৈ উভতি যাব খুজিছে|আনদিনা ক’ৰবালৈ ওলাই আহিলে, বজাৰত এপাক সোমাই, কিবা-কিবি এটা নিকিনাকৈ তাই কেতিয়াও ঘৰলৈ নোভতে|আজি দেখোন তাই পোনে-পোনে ঘৰলৈ যোৱাৰ কথাহে ক’লে!
ঘৰ আহি পায়েই ৰিণিকিয়ে তাইৰ পুতলাবোৰ উলিয়ালে|তাৰে কেইটামান তাই বাস্কেট এটাত ভৰাই দেউতাক ক’লে,--
“দেউতা, ব’লাচোন|আকৌ এবাৰ তালৈ যাওঁ|মোৰ এই পুতলাকেইটা কৰবী, মামনি, দীপকহঁতক দি আহোঁগৈ|মোকনো ইমানবোৰ পুতলা কেলৈ লাগিছে? আৰু এইকেইটা পুতলাৰে আজিকালি দেখোন মই নেখেলোঁৱেই!”
ভালেমান দিন পাৰ হৈ গ’ল|ৰিণিকি এতিয়া এজনী সম্পূৰ্ণ বেলেগ ছোৱালী| ওচৰ-চুবুৰীয়া, পৰিয়ালৰ মানুহ আটাইৰে মৰমৰ পাত্ৰী হৈ পৰা ৰিণিকিয়ে এতিয়া ভায়েক ৰংমনৰ গাত টোপকে পৰিবলৈ নিদিয়ে|
************************
✍🏻ড° মৃদুস্মিতা ফুকন
ঠিকনাঃ কৌশিক নিৱাস, উপ পথ নং ৯, ৰাধা গোবিন্দ বৰুৱা পথ, গুৱাহাটী-৭৮১০২৪
ফোনঃ +91 94355 64269
0 Comments