বিচ্ছেদৰ কবিতা
১
নিঃশেষ কৰিব খোজা পদ্যবোৰ
সাঙুৰি নানিবা।
আঁতৰি থাকিবা আত্মাৰ প্ৰাৰ্থনাগৃহ জ্বলাই পেলাব খোজা জুইকুৰাৰ পৰা।
দূৰতে এৰিবা স্মৃতিচাৰণৰ বিষাদময় কাব্য।
নোহোৱাৰ অস্তিত্বৰ উপেক্ষা কৰি
হৃদয়ৰ বাগিচাক নবনাবা কাঠ।
২
প্ৰেম মানেই সপোন
সপোন মানেই প্ৰেম।
"ৰাতিৰ পাহাৰত জোন নামিছে চিত্ৰলেখা"
হাতে হাত ধৰি এইবুলি জোনাক সানিবলৈ
ঋষিৰ আশ্ৰমৰ অপ্ৰাপ্তি বাবেই
পাহাৰৰ বুকুতে বিচাৰিবা কোনোবা শকুন্তলা।
৩
আমি আমাৰ বাটটো এৰি
নিজ নিজ কেঁকুৰি বাছি লোৱাৰ দিনাখন
মই শুনিছিলো চোতালখনে কন্দা।
আমি এটাই আনটোৰ নাছিলো হয়তো
আৰু আমি নিজৰো আছিলো আধৰুৱা হৈ।
আধৰুৱাবোৰ বৰ অপ্ৰিয়....
❍❍❍❍❍❍❍❍❍❍
কবি: অংকিতা ভৰদ্বাজ
ঠিকনাঃ বাইহাটা চাৰিআলি, কামৰূপ, অসম
- Who wrote Ram Navami in Assamese literature?
- Assamese literature in अहोम period
- Types of women in Assamese literature
- If we have jonaki alosoni in Assamese literature
- Development of Assamese literature during 1940 1950
- Who is the naityokar of the Assamese literature?
- Mass communication in Assamese literature
- Please give me a list of Assamese literature and cultural journal of Scopus for 2020
- Who is the Pran of Assamese leterature and culture?
0 Comments