Ticker

6/recent/ticker-posts

বিচ্ছেদৰ কবিতা ♦️ অংকিতা ভৰদ্বাজ 🔸 অসমীয়া কবিতা ।


 বিচ্ছেদৰ কবিতা

১

নিঃশেষ কৰিব খোজা পদ্যবোৰ

সাঙুৰি নানিবা।

আঁতৰি থাকিবা আত্মাৰ প্ৰাৰ্থনাগৃহ জ্বলাই পেলাব খোজা জুইকুৰাৰ পৰা। 

দূৰতে এৰিবা স্মৃতিচাৰণৰ বিষাদময় কাব্য। 

নোহোৱাৰ অস্তিত্বৰ উপেক্ষা কৰি

হৃদয়ৰ বাগিচাক নবনাবা কাঠ। 


২

প্ৰেম মানেই সপোন

সপোন মানেই প্ৰেম। 


"ৰাতিৰ পাহাৰত জোন নামিছে চিত্ৰলেখা"

হাতে হাত ধৰি এইবুলি জোনাক সানিবলৈ

ঋষিৰ আশ্ৰমৰ অপ্ৰাপ্তি বাবেই

পাহাৰৰ বুকুতে বিচাৰিবা কোনোবা শকুন্তলা। 


৩

আমি আমাৰ বাটটো এৰি 

নিজ নিজ কেঁকুৰি বাছি লোৱাৰ দিনাখন

মই শুনিছিলো চোতালখনে কন্দা।


আমি এটাই আনটোৰ নাছিলো হয়তো

আৰু আমি নিজৰো আছিলো আধৰুৱা হৈ। 


আধৰুৱাবোৰ বৰ অপ্ৰিয়.... 

❍❍❍❍❍❍❍❍❍❍

কবি: অংকিতা ভৰদ্বাজ
ঠিকনাঃ বাইহাটা চাৰিআলি, কামৰূপ, অসম


  • Who wrote Ram Navami in Assamese literature?
  • Assamese literature in अहोम period
  • Types of women in Assamese literature
  • If we have jonaki alosoni in Assamese literature
  • Development of Assamese literature during 1940 1950
  • Who is the naityokar of the Assamese literature?
  • Mass communication in Assamese literature
  • Please give me a list of Assamese literature and cultural journal of Scopus for 2020
  • Who is the Pran of Assamese leterature and culture?

Post a Comment

0 Comments