Ticker

6/recent/ticker-posts

ই-বুক বনাম ছপা গ্ৰন্থ ♦️ প্ৰশান্ত বাৰ্মা 🔸 প্ৰৱন্ধ ।


অধ্যয়ন হৈছে জ্ঞান অৰ্জনৰ সৰ্বোত্তম কাৰ্য। মানৱ সভ্যতা ক্ৰম বিকাশৰ ক্ষেত্ৰতো গ্ৰন্থ অধ্যয়নৰ অৱদান অপৰিসীম। অধ্যয়ন প্ৰক্ৰিয়াটোও এক ক্ৰম বিকাশ পদ্ধতিৰে আজিৰ ছপা গ্ৰন্থৰ ৰূপ পাইছে। গুহালিপিৰ পৰা শিলালিপিলৈ, শিলালিপিৰ পৰা সাঁচিপাতৰ পুথিলৈ, সাঁচিপাতৰ পুথিৰ পৰা ছপাগ্ৰন্থলৈ- এক দীঘলীয়া ইতিহাসৰ মাজেৰে আজিৰ অৱস্থা লাভ কৰিছে। ১৫শ শতিকাৰ চতুৰ্থ দশকত জোহান গুটেনবাৰ্গে ছপাশাল আৱিষ্কাৰ কৰি গ্ৰন্থৰ জগতখনলৈ বিপ্লৱৰ সৃষ্টি কৰিছিল। সেই সময়ৰ পৰাই বিশ্বৰ সকলো প্ৰান্ততে ছপাগ্ৰন্থৰ প্ৰচলন চলি আহিছে। বৰ্তমান ছপাগ্ৰন্থৰ নতুন বিকল্পৰূপে পাঠকসকল পৰিচিত হৈছে ই-বুক (Electronic Book)ৰ সৈতে। বৰ্তমানৰ ডিজিটেল যুগটোত মানুহে ডিজিটেল ৰূপত গ্ৰন্থ অধ্যয়ন কৰা আহিলাবিধেই হ'ল ই-বুক। মানুহৰ দৈনন্দিন জীৱনত ব্যৱহৃত মোবাইল, লেপটপ অথবা কিন্ডেল (ই-বুক পঢ়াৰ বাবে এবিধ বিশেষ Device)-ত মনে বিচৰা ই-বুকখন ডাউনলোড কৰি পঢ়িব পাৰি। বৰ্তমানৰ বিশ্বৰ ভালেসংখ্যক পাঠকে ছপাগ্ৰন্থৰ পৰিৱৰ্তে ই-বুকতেই অধ্যয়নৰ আমেজ লয়। উল্লেখযোগ্য যে, ১৯৩০ চনত প্ৰথম ই-বুকৰ উদ্ভাৱন হয় বুলি জনা যায়।


প্ৰযুক্তিবিদ্যাৰ দ্ৰুত বিকাশে ছপাগ্ৰন্থৰ জগতখনলৈ কেনেধৰণৰ শংকা কঢ়িয়াই আনিছে বা অনাগত দিনত কেনেধৰণৰ শংকা কঢ়িয়াই আনিব- সেয়া চিন্তনীয় বিষয়। আমাৰ বোধেৰে ই-বুকৰ প্ৰসাৰে ছপাগ্ৰন্থৰ বাবে সামান্য সংকট কঢ়িয়াই অনাটো সত্য। মূলতঃ কিছুমান সুবিধাৰ বাবে পাঠকে ছপাগ্ৰন্থৰ পৰিৱৰ্তে ই-বুকক আদৰি লৈছে। কেইবাখনো ছপাগ্ৰন্থ সকলো ঠাইতে কঢ়িয়াই লৈ ফুৰাটো সম্ভৱ নহয়। কিন্তু ই-বুকৰ জৰিয়তে লক্ষাধিক কিতাপ মোবাইল অথবা Kindleত সংৰক্ষণ কৰি মনে বিচৰা ঠাইত নিব পাৰি। ইয়াৰোপৰি ই-বুক একোখনৰ মূল্য ছপাগ্ৰন্থ একোখনতকৈ কম। বিনামূলীয়া ৰূপতো বহু কিতাপ পোৱা যায় বাবে বহু পাঠকে ইয়াক আদৰি লৈছে। statista.comৰ এক সমীক্ষা অনুসৰি আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰায় ২৫% পাঠকে ই-বুক অধ্যয়ন কৰে।


ই-বুকৰ দ্ৰুত প্ৰসাৰ হ'লেও ছপাগ্ৰন্থৰ গ্ৰহণযোগ্যতা কোনোপধ্যে লোপ পাব নোৱাৰে। গ্ৰন্থ অধ্যয়ন কৰাৰ প্ৰকৃত মাদকতা কেৱল ছপাগ্ৰন্থৰ মাজতহে পোৱা যায়। ছপাগ্ৰন্থৰ জৰিয়তেহে এক সুস্থ অধ্যয়নশীল বাতাবৰণ গঢ়ি তুলিব পৰা যায়। দীৰ্ঘ সময় ধৰি মোবাইল অথবা Kindleত অধ্যয়ন কৰিলে দৃষ্টিশক্তিৰ ক্ষেত্ৰত নেতিবাচক প্ৰভাৱ পৰে বুলি স্বাস্থ্য বিশেষজ্ঞসকলে প্ৰকাশ কৰিছে। তেনেক্ষেত্ৰত ছপা কিতাপতেই অধ্যয়নৰ আমেজ লোৱাটো সকলোৰে বাবে সমীচীন। যি নহওঁক, সময়ে আনি দিয়া পৰিৱৰ্তনবোৰ মানুহ এজনে কিদৰে গ্ৰহণ কৰে- সেয়া মানুহজনৰ মানসিকতা আৰু বিবেকৰ ওপৰত নিৰ্ভৰ কৰে।


✍🏻প্ৰশান্ত বাৰ্মা
ঠিকনাঃ তিনিচুকীয়া মহাবিদ্যালয়, তিনিচুকীয়া।
email- vprasanta2017@gmail.com

  • Who wrote Ram Navami in Assamese literature?
  • Assamese literature in अहोम period
  • Types of women in Assamese literature
  • If we have jonaki alosoni in Assamese literature
  • Development of Assamese literature during 1940 1950
  • Who is the naityokar of the Assamese literature?
  • Mass communication in Assamese literature
  • Please give me a list of Assamese literature and cultural journal of Scopus for 2020
  • Who is the Pran of Assamese leterature and culture?

Post a Comment

0 Comments