দূৰ সীমাৰেখা পৰা আন্ধাৰৰ ফেঁহুজালি ফালি, দিগন্তত ৰাঙলী আভা বিলাই দিয়াৰ প্ৰবলতাৰে পূব আকাশত অৰূণাভৰ আগমন।
ক্ৰমাস: ৰৌদ্ৰজালৰ আৱস্তনিত ধৰাত প্ৰস্ফুটিত হয় ৰঙা নীলা নানান ৰঙীণ ফুলবোৰ ।ৰঙা! এই ৰঙা ৰঙটো আমাৰ জীৱনৰ পাতনি পৰাই বহু নজনাকৈয়ে আমাৰ লগত লগ লাগি গৈ থাকে। কেতিয়াবা মাংগলিক কাম হঁওক বা নৱজীৱনৰ প্ৰত্যক্ষাৰ চিন হিচাপে কপালত জিলিকা সেন্দুৰী ৰঙা , কামদীপ্ত হৈ পৰা উথৰ ৰঙ , মুঠতে এই ৰঙা ৰঙটোৱে কʼত আমাৰ জীৱনৰ পৰা আঁতৰি যায় ? শৰীৰৰ মাজত যৌৱন প্ৰাপ্তিৰ শিহৰণত পৰিচায়ক হৈ এদিন হৰ্ঠাৎ দেখা দিয়ে আহি ৰঙা ৰক্তৰ দাগ!
এইয়া জানো মোৰ শৰীৰত এটা নতুনকৈ বৃদ্ধি পোৱা অংগানুৰ আগমনৰ বতৰা নহয়? কিয় অস্পৃশ্য হৈ পাৰো মই? সকলো মাংগলিক কামৰ পৰা আঁতৰাই ৰাখিবলৈ যত্নকৰা হয়?
সেই ৰঙালী ৰক্তৰ উৎসতেচোন বীৰ্যৰ মিলনত এটি নৱজীৱনে পাতনি মেলে !
✍🏻নিয়ৰকনা
ঠিকনাঃ যোৰহাট
Instagram : Click Here
0 Comments