কিতাপ পঢ়ি ভাল লগা অনুভৱ ।
গ্ৰন্থৰ নাম- মৃত্যুঞ্জয় ।
লেখক নাম- বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য ।
হাইস্কুল শিক্ষান্ত পৰীক্ষা শেষ হৈছিল মাথোঁ কৰোণা আতংকই গোটেই দেশ জোকাৰি পেলালে । তলাবন্ধৰ বাবে মনৰ পৰিকল্পনাবোৰ মনতে ৰল । এই সময়কণৰ সদ ব্যৱহাৰ কৰিবৰ বাবে মোৰ অন্যতম প্রিয় কাম কিতাপ পঢ়াত লাগিলোঁ । দেউতাৰ পুথিভঁৰালৰ পৰা বহু কিতাপ পঢ়িলোঁ । যিকোনো কিতাপ পঢ়িয়েই মনটো ভাল লাগে কিন্তু আজি পঢ়ি ভাল লগা কিতাপৰ বিষয়ে বাছি ললোঁ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ মৃত্যুঞ্জয় ।
![]() |
মৃত্যুঞ্জয় ( বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য ) |
প্ৰথম অসমীয়া জ্ঞানপীঠ বঁটা বিজয়ী গ্ৰন্থ মৃত্যুঞ্জয়ৰ প্ৰত্যেক শব্দ , অৰ্থসুপ্ত বাক্য , ঘটনাই 1942 চনৰ সংঘর্ষৰ জগতখনলৈ লৈ যায় । দেশপ্ৰেমৰ গভীৰ নিদৰ্শন দাঙি ধৰা গ্ৰন্থখনৰ এক অন্যতম ভাল লগা ব্যশিষ্ট্য হল ইয়াত ব্যৱহাৰ হোৱা থলুৱা শব্দ আৰু আৰু ফকৰা - যোজনাসমূহ । লেখকে এই উপন্যাসখনত নগাঁও বিশেষকৈ মায়ং অঞ্চলত নিৰীহ জনতাৰ ওপৰত ইংৰাজৰ অত্যাচাৰ , বিপ্লৱী কাৰ্যকলাপসমূহৰ এক জীৱন্ত বৰ্ণনা দাঙি ধৰিছে ।
মৃত্যুঞ্জয়ৰ প্ৰধান চৰিত্ৰসমূহ হল - ধনপুৰ , গোসাঁই, ৰূপনাৰায়্ণ , ডিমি ,অনুপম, শইকীয়া আদি। ধনপুৰক উপন্যাসখনৰ নায়ক হিচাপে অংকিত কৰা হৈছে ।ধনপুৰ আৰু গোসাঁইৰ নেতৃত্বত ইংৰাজ সৈন্য ভৰ্ত্তি ৰেল বগৰোৱাৰ অভিযানেই হৈছে কিতাপখনৰ মূল বিষয় বস্তু । উপন্যাসখনৰ আৰম্ভণিতে সুভদ্ৰা নামৰ মিছিং গাভৰু এগৰাকীৰ ওপৰত ইংৰাজ সৈন্যৰ বৰ্বৰতাৰ মৰ্মস্পৰ্শী বৰ্ণন দাঙি ধৰিছে । সেই সময়ছোৱাত অসমত ঠায়ে ঠায়ে শান্তি সেনা গঢ়ি উঠিছিল যাক কৰায়ত্ত কৰাৰ অচিলাৰে সেনাসকলে জনসাধাৰণৰ ওপৰত অমানুষিক অত্যাচাৰ কৰিছিল , নাৰীৰ সতীত্ব নাশ কৰি নাৰীৰ জীৱনত কলংকৰ কালিমা সানিছিল। সুভদ্ৰাৰ দৰে বহু অসমীয়া নাৰীয়ে এই দাগ সহিব নোৱাৰি হেৰাই গৈছিল কালৰ কুটিল গ্ৰাসত । আৰু এই বৰ্বৰতা দেখি ক্ষোভত জ্বলি উঠিছিল ধনপুৰৰ দৰে অসমীয়া ডেকা । সেয়ে বহু লোকে মহাত্মা গান্ধীৰ অহিংসাৰ নীতি পৰিহাৰ কৰি হিংসাৰ পথ লৈছিল । এই উপন্যাসখনত 'মৰি যাওঁ মাৰি যাওঁ গুৰুৰ ঋণ শুজি যাওঁ ' কথাষাৰ দেশৰ হকে প্ৰাণ লোৱা আৰু দিয়াৰ বাবে কুণ্ঠাবোধ নকৰা দেশপ্ৰেমীৰ কণ্ঠ । লেখকে কানিৰ অপকাৰীতা , জাত- পাতৰ অপ্ৰয়োজনীয়তা , নাৰী শক্তিৰ ওপৰতো এক সজাগতা ফুটাই তুলিছে । এবাৰ আহিনা কোঁৱৰ আৰু ধনপুৰৰ ধৰ্মৰ লগত তৰ্ক লগাত ধনপুৰে কৈছিল ' এইবোৰ তৰ্ক কৰিয়েই দেশখন গুছিল ভেমেৰে নহয় কামেৰেহে মানুহ বোলাব পাৰি ' আকৌ ডিমিক কোৱা ' আমিবোৰ অসমীয়া হবলৈ নিশিকিলোঁ মানুহ হবলৈ কেনেকৈ শিকিম' এই বাক্যশাৰীত ধর্ম নিৰপেক্ষতা প্ৰতিফলিত হৈছে । উপন্যাসখনত সেই সময়ত চলি থকা অন্ধবিশ্বাস , কু- সংস্কাৰৰ চিত্রই বেছিকৈ অংকিত হৈছে।
উপন্যাসৰ নায়ক ধনপুৰ মোৰ এক ভাল লগা চৰিত্ৰ । সুভদ্ৰাৰ ওপৰত হোৱা বলাৎকাৰৰ কথা জানি সি তাইক বিয়া কৰাবলৈ ওলোৱা কথাত এক মহানতা প্ৰকাশ পায় । ৰেল বগৰোৱাৰ অভিযানত শ্বহীদ হোৱাৰ পিছত লেখকে ৰূপনাৰায়নৰ মাজেৰে কাহিনী আগুৱাই নিছে । গোসাঁই, ৰূপনাৰায়্ণ, জয়ৰাম, মধু আদি চৰিত্ৰত লেখকে দেশপ্ৰেমৰ ছবি অংকন কৰিছে । গোসাঁইও এই অভিযানত শ্বহীদ হৈছিল ।
আন এক ভাল লগা চৰিত্ৰ হল ডিমি । মিকিৰ গাভৰু । বিপ্লৱক সফল কৰাৰ বাবে তাই বহু কষ্ট কৰিছিল। আৰম্ভণিৰ পৰা শেষলৈকে তাইৰ সাহসী মনৰ পৰিচয় দিয়া হৈছে। এনে দেশ প্ৰেমিকসকলৰ মাজতে শইকীয়া , লয়ৰাম আদিৰ দৰে লোকে ভাৰতীয় নাগৰিক হোৱা স্বত্তেও ইংৰাজৰ লগ দি দেশদ্ৰোহিতাৰ পৰিচয় দিয়ে। ৰেল বগৰোৱাৰ পিছতে ইংৰাজে মায়ংৰ লোকৰ ওপৰত কৰা অত্যাচাৰৰ পিছতে গাৰোলোকসকলে পুলিচ বিষয়া দুজনক মাৰি পেলাইছিল । তাৰে এজন পুলিচ বিষয়াৰ পত্নী অনুপমাৰ চৰিত্ৰ অতি মনোৰম। স্বামীক হেৰুৱাইও তাই শেষলৈ এই আন্দোলনক সমৰ্থন কৰিছিল । গোসাঁইৰ পত্নী গোসাঁনীয়ে কৈছিল ' তেওঁলোকে ধন সম্পত্তি , লৰা তিৰোতাতকৈ দেশখনক বেছি ভাল পাইছিল '। নিজ শ্বহীদ স্বামীক লৈ গৌৰৱ কৰা অসমীয়া নাৰী এইয়া । লেখকে শেষত 'স্বাধীনতা পালে মানুহবোৰ ভাল হবনে' বুলি সামৰণি মাৰিছে।
উপন্যাসখন পঢ়ি ভাল লগা অন্য এক কাৰণ হল ইয়াত নাৰীক পুৰুষৰ সমানে অধিকাৰ দিয়া হৈছে , জাত - পাত নেওচি সংগ্ৰামৰ কঠোৰ ক্ষেত্ৰ খনৰ কথা সোঁৱৰাই দিছে। মাজে মাজে কৰুণ বৰ্ণনে চকু সিক্ত কৰি তুলিছে । সচাই মৃত্যুঞ্জয় এখন ভাল লগা গ্ৰন্থ যি পঢ়ি মনটো উৰা মাৰে সংঘৰ্ষৰ সেই পৰাধীন শতিকালৈ।
0 Comments