![]() |
THE POWER OF 5G NETWORK AND THE EARTH FUTURE |
বিজ্ঞানৰ দিশে ধাৱমান হৈ গ’ল এতিয়া সমগ্ৰ পৃথিৱী। বিজ্ঞান কি সেই কথা নজনা মানুহ এতিয়া পৃথিৱীত পাবলৈ নাই। সামান্য বেজীটোৰ পৰা মহাকাশত উৰা ৰকেট খনলৈকে বিজ্ঞানৰ অৱদান। পুৱা শুই উঠাৰ পৰা ৰাতি শুৱাৰ লৈকে আমাৰ দৈনন্দিন জীৱনটোত আমি বিজ্ঞানৰ লগত জড়িত হৈ আছো আৰু ই ন’হলে পৃথিৱীখন এতিয়া নচলা হৈ যাব।
মানৱ জীৱনত বিজ্ঞানে দিয়া বস্তু সমূহৰ ভিতৰত এটা অন্যতম বস্তু। যিয়ে ছেকেণ্ডতে সমগ্ৰ পৃথিৱীৰ লগত যোগাযোগ ৰখাত সম্ভৱ কৰি তুলিছে। সেয়া হ’ল ইন্টাৰনেট। যদিও ১৮৭৬ চনত ছাৰ আলেকজেণ্ডাৰ গ্ৰাহাম বেলে টেলিফোন আৱিষ্কাৰ কৰি বিজ্ঞান জগতত এক নতুন অধ্যায়ৰ সূচনা কৰিলে। কিন্তু তেতিয়া টেলিফোনৰ বিকাশ ভালদৰে হোৱা নাছিলে। মাত্ৰ ওচৰৰ মানুহৰ লগত হে যোগাযোগ স্থাপন কৰিব পৰা গৈছিল। তাৰ পাছত ১৯৭৩ চনত আমেৰিকাৰ মাৰ্টিন কুপাৰে আৰু পাছত ১৯৭৯ চনত এন টি টি নামৰ এটা প্ৰতিষ্ঠানে ম’বাইল ফোন আৱিষ্কাৰ কৰি আধুনিক যোগাযোগৰ সমাজখনত এক বিশেষ অধ্যায়ৰ পাতনি মেলিলে। তাৰ পাছত চিম কাৰ্ড আৱিষ্কাৰ হ’ল আৰু ম’বাইল নিৰ্মাণ কৰা বিভিন্ন কোম্পানী স্থাপন হ’ল। সেই সময়ত ন’কিয়া আৰু ছেমছাং নামৰ ম’বাইল নিৰ্মাণ কৰা এই প্ৰতিষ্ঠান দুটায়ে বিশেষ জনপ্ৰিয়তা অৰ্জন কৰিছিল আৰু এতিয়াও আৰু অৱশেষত ১৯৮২ চনত www(ৱৰ্লড ৱাৰ্লড ৱেব)আৰু ১৯৮৯ চনত ছাৰ টিম বাৰ্নাৰ্ছলীয়ে ইণ্টাৰনেট আৱিষ্কাৰ কৰি এক নতুন অধ্যায়ৰ সূচনা কৰিলে। আৰু ইয়েই ম’বাইল ফোনৰ জনপ্ৰিয়তা বৃদ্ধি কৰালে। তাৰ পাছত আৰম্ভ হ’ল ইণ্টাৰনেটৰ বিকাশ আৰু জন্ম হ’ল বৰ্তমানৰ ইণ্টাৰনেট জগতখন চলাই থকা প্ৰতিষ্ঠান গুগলৰ। বৰ্তমানৰ এটা আগশাৰী প্ৰতিষ্ঠান আৰু ইয়েই ইণ্টাৰনেট জগতখনক আগবঢ়াই আনিলে। এতিয়া প্ৰতি মিনিতত শ শ এপ আৰু ৱেবছাইত উদ্ভাৱন হৈ আছে। মুঠতে ইণ্টাৰনেটৰ অভাৱ যদি ১ ছেকেণ্ডৰ কাৰণেও হয় তেন্তে কি পৰিস্থিতি সৃষ্টি হ’ব সেইয়া হয়তো সকলোৰে জ্ঞাত।
প্ৰথম ইণ্টাৰনেট সংযোগ থকা ম’বাইল সমূহত windows নামৰ এটা ছফটৱেৰ আছিল। যি বৰ্তমান কম্পিউটাৰত ব্যৱহিত হয়। কিন্তু এতিয়া ম’বাইল ফোনসমূহত android নামৰ এটা ছফটোৱেৰে জনপ্ৰিয়তা লাভ কৰে।আৰু ইয়েই ফোনবোৰত ইণ্টাৰনেটক এক বিশেষ ৰূপ দিলে। আৰু ২জি, ৩জি, ৪জিৰ উদ্ভাৱন কৰাত সহায় কৰিলে আৰু ইয়েই ইন্টাৰনেটৰ বেগ বৃদ্ধি কৰালে। এতিয়া ইণ্টাৰনেটৰ বেগ ৪জিয়ে বৃদ্ধি কৰিছে। আৰু ই দ্ৰুত নেৰ্টৱক। ইয়েই যোগাযোগ ব্যৱস্থা বহুগুণে উন্নত কৰালে। বিশেষকৈ অসমত প্ৰায় ২০১৬ চন মানৰ পৰাহে ৪জি সেৱা আৰম্ভ হৈছে মানে অসমৰ মানুহে জিঅ’ কোম্পানীৰ পৰাহে ভালকৈ ৪ জিৰ সোৱাদ লাভ কৰিব পাৰিছে।
৪জিয়ে যোগাযোগ তথা ইণ্টাৰনেট জগতখনৰ উন্নতি সাধিছে এইয়া সচাঁ। কিন্তু ইয়ে আমাৰ সুন্দৰ প্ৰকৃতিখনৰ অপকাৰ কৰিছে। এই নেৰ্টৱকৰ বাবে এতিয়া সেউজীয়া ধৰা খনৰ বিপদ মাতি আনিছে। ওখ ওখ টাৱাৰবোৰত থকা ঘূৰণীয়া বাতিবোৰেই মাতি আনিব পাৰে প্ৰকৃতি তথা ওপৰত উৰি ফুৰা চৰাই-চিৰিকটিবোৰৰ।
0 Comments