![]() |
ব্ৰহ্মপুত্ৰ ফেৰীঘাট (Majuli) |
ফেৰীঘাট
ব্ৰহ্মপুত্ৰ নদৰ বক্ষত
যাত্ৰীবাহী নাৱত,
বিভোৰ হৈ পৰো মই
অজান পুলকত
কবিতা কবিতা লগা
অস্ফুত সুৰত
এক ৰোমাঞ্চিত ভাৱত।
খিৰিকীৰে জুমি দেখো
কাজল শুভ্ৰ বাখৰ বন্ধোৱা সুনীল গগন
যাত্ৰী সৱ কিহত মগন?
ঢৌ খেলা সোতৰ বুকুৱেদি
ডিঙা মেলি ভটিয়াই
আতীত, বৰ্তমান, ভৱিষ্যৎ হৈ
নিৰব'ধি, নিৰন্তৰ চিৰন্তন সত্যই
বৰষাত উঠলি উঠা
শৰতত ৰং সনা নৈ খনিৰ
সাক্ষী দিব নক্ষত্ৰ সূয্যই।
জাক জাক মৎস্য ভোজী
দেশী আৰু বিদেশী চৰাই
শেল হৈ শাৰী পাতি
উৰি ফুৰে ইপাৰ-সিপাৰ
একাকাৰ হৈ পৰে ফেৰীৰ বুকুতো
ভিন্নমূখী অসংখ্য যাত্ৰীৰ
ভাৱনাৰ বিচিত্ৰ হিয়াৰ।
হালি- জালি কহুঁৱাই
লয় লাসে নাচে দেৱদাসী
দুপাৰৰ অস্থায়ী মন্দিৰৰ বুকুত।
সপোন সুখৰ জুই নিৰ্বাপিত কৰি
ভষ্ম হয় সৰ্বগ্ৰাসী খহনীয়া দানৱৰ
লো লোপ চক্ষুত।
নাও আহি কাষ চাপে, মনৰ সপোন ভাগে
আধাফুটি তক্তাৰ
শেষ হয় বিশ্বাসৰ আমেজ
গন্তব্যৰ পথ বাছি, খোজলয় সকলোটি
নালাগে, নিদিয়ে নলয়
কৰো, কাকো আদেশ নিৰ্দশ।
কৰ্ম ব্যস্ত নাগৰিক
কিম্বা ৰুগীয়া জনৰ
হানি হয় ছকুৰি মিনিট সময়।
যদিও বা সৃষ্টিৰ অপূৰ্ব দৃষ্টিত
জাগি উঠে কোনো জনৰ
সুগভীৰ প্ৰকৃতি প্ৰণয়।।
0 Comments