১/ পুৱা সোনকালে শুই উঠাৰ অভ্যাস কৰক । সূৰ্যোদয়ৰ দৃশ্য উপভোগ কৰিবলৈ নাপাহৰিব। যোগাসন কৰিব । যোগৰ আসন আৰু নিয়মবোৰ শিকি ল’ব ।
২/প্ৰাত:ভ্ৰমণৰ সোৱাদ লওক ।ৰাতিপুৱা খোজ কঢ়াৰ অভ্যাস গঢ়ি তোলক ।নিতৌ পুৱা আধাঘণ্টামান খোজ কাঢ়ক । শৰীৰটো পাতল লাগিব ।
৩/ ঘৰৰ চোতালত ফুলনি বাগিচা এখন পাতক । ৰাতিপুৱা-গধূলি পানী দিয়ক । বাঢ়ি অহা ডাল-পাত-ফুলবোৰে আপোনাৰ মনক আনন্দ দিব ।
৪/ আজৰি সময়ত মৃদু ভলিউমত মন পচন্দৰ গান শুনক । বতৰ চাই আপোনাৰ হবিবোৰ পালন কৰক ।প্ৰিয় বিষয়বস্তুৰ চিনেমা চাওক। দৈনিক এটা ভাল কবিতা, দুটামান মহৎ লোকৰ বাণী পঢ়িব ।
৫/প্ৰিয় খাদ্য নিজেই ৰান্ধি খাওক । সদায় নহ’লেও কেতিয়াবা ৰান্ধক ।
৬/সদায় নতুন নতুন কথা ভাৱক । আপোনাৰ মনৰ সৃষ্টিশীলতাক জগাই তোলক ।
৭/ ইতিবাচক চিন্তা-চৰ্চাক গুৰুত্ব দিব।
কল্পনা ,সপোন ,আশা এইবিলাক মনৰপৰা আঁতৰি যাব নিদিব । বাস্তৱত থাকিয়েই এক মধুৰ পৃথিৱীৰ সপোন দেখক ।
কল্পনা ,সপোন ,আশা এইবিলাক মনৰপৰা আঁতৰি যাব নিদিব । বাস্তৱত থাকিয়েই এক মধুৰ পৃথিৱীৰ সপোন দেখক ।
৮/সমাজৰ সকলো স্তৰৰ মানুহৰে সৈতে ভাব বিনিময় কৰক । ইয়ে আপোনাৰ সামাজিক স্থিতি বঢ়াই তুলিব ।
৯/নিকটৱৰ্তী-দূৰৱৰ্তী সকলো প্ৰকাৰৰ ভ্ৰমণৰে আনন্দ লওক ।
১০/ বতৰ অনুসৰি সদায় আৰামদায়ক কাপোৰ পিন্ধক ।
১১/দিনটোৰ অলপ সময় প্ৰকৃতিৰ সৈতে নিবিড়ভাৱে সময় কটাওক ।
১২/গধূলি সমনীয়াৰ লগত সান্ধ্যভ্ৰমণলৈ ওলাই যাওক । শ্বপিঙৰ ৰাপ থাকিলে শ্বপিং কৰক । চাব যাতে অবাবতে পইচা খৰচ নহয় ।
১৩/সঞ্চয় কৰিবলৈ শিকক । আপোনাৰ বেংক বেলেঞ্চে আপোনাৰ আৰ্থিক চিন্তাক দূৰ কৰি ৰাখে ।
১৪/ সৰু কথাতে বা কাৰোবাৰ সৰু ভুলতে খং নকৰিব । ক্ষমা কৰিবলৈ শিকক ।ধৈৰ্যৰে সমাধানৰ পথ বিচাৰিব ।
১৫/সহজ-সৰল জীৱন যাপন কৰক । উচ্চাকাংক্ষা কৰক,কিন্তু সেয়া যাতে দুৰাকাংক্ষালৈ পৰিৱৰ্তন নহয় ।
১৬/ পৰিয়ালৰ সদস্যসকলৰ সৈতে কথা পাতক। তেওঁলোকক সময় দিয়ক ।১৭/আপুনি ভাল উপাৰ্জনৰ চাকৰি কৰে যদিও পৰিশ্ৰম নকৰাকৈ নাথাকিব । সদায় দুই-চাৰিটা ঘৰুৱা কাম-বন কৰক । চিন্তা-মুক্তি ঘটিব লগতে স্বাস্থ্য পাতিও ভালে থাকিব ।
১৮/ঘৰলৈ প্ৰিয় বন্ধু-বান্ধৱীক আমন্ত্ৰণ কৰক । মন ভৰাকৈ আড্ডা কৰক ।
১৯/ সকলো প্ৰকাৰৰ মাদক-দ্ৰব্য সেৱনৰ পৰা বিৰত থাকক । স্বাস্থ্যৰ অৱনতিয়ে আপোনাৰ মনক কেতিয়াও প্ৰফুল্লিত কৰি ৰাখিব নোৱাৰে ।
২০/শেষত কওঁ – মনটোৱেই আমাৰ মানসিক শান্তিৰ ভঁৰাল । মনটোক সুখী ৰাখিবলৈ উপৰোক্ত কামবিলাক কৰিব ।অনাহকত টেনশ্যন নল’ব । জীৱন যুদ্ধত আগুৱাই যাবলৈ সকলোধৰণৰ প্ৰস্তুতি পূৰ্বৰেপৰা অৱলম্বন কৰক ।
সঞ্জয় ৰবিদাস
ঠিকনা : বৰহোলা, যোৰহাট
ফোন: ৬৯০১১৫৪৫৮৩
Facebook : Click here
0 Comments