Ticker

6/recent/ticker-posts

বসুন্ধৰাৰ নৱৰূপ ❖ নিয়ৰকনা🔸অসমীয়া কবিতা ।

বসুন্ধৰাৰ নৱৰূপ

ৰৌদ্ৰজালক আৱৰি আকাশত বিস্তাৰিত হ'ল মেঘ 
বসুন্ধৰাক তিয়াই পেলাম বুলি খৰ-ধৰ কৈ নামি আহিল বৰ্ষা 
মেঘৰ মাদলত উল্লাহিত হৈ পৰিল গছ-বিৰিখ
চঞ্চল বসুন্ধৰা নাচি উঠিল তাৰ ছন্দে-ছন্দে
বসুন্ধৰাৰ এই ৰূপ চিনাকি হৈও যেন
অচিনাকি হৈ লুকাই আছিল মোৰ বাবে
মনৰ প্ৰাংগনত আহি সমীৰণৰ সতে
খেলি গ'ল বৰ্ষাই নানান জলকেলি 
বিগলিত হৈ খহি পৰিল
মনৰ ৰুক্ষ দেৱাল
প্ৰেমৰ সুগন্ধি বিয়পাই দৃশ্যপটত 
আঁকি গ'ল মোৰেই নৱ প্ৰতিমূৰ্তি
বৰ্ষাৰ প্ৰতিটো টোপালে সৃষ্টি কৰি গ'ল
মোক এটি নতুন ৰূপত 
হেৰুৱা অতীতত নিজকে বিচৰাতকৈ উপলব্ধি কৰিলো -"life is not about finding yourself ,life is about creating yourself"

★★★★★★★★

✍🏻নিয়ৰকনা
ঠিকনাঃ যোৰহাট
Instagram : Click Here 

Post a Comment

0 Comments