Ticker

6/recent/ticker-posts

কুঁৱলী এক মধুৰ অনুভৱ ♦ জিকমিক সমাদৃতা গগৈ ।

শীতৰে সেমেকা ৰাতি

         সেমেকা শীতৰে ৰাতি

        শীতৰে সেমেকা ৰাতি...

কুঁৱলী

হেমন্তৰ হিমৰ আৱৰণখন সুৰুযৰ কিৰণে হেঙুলীয়া কৰি তোলা সেন্দুৰীয়ালৰংবোৰ সামৰি অতি সংগোপনে ধৰাৰ বুকুলৈ নামি আহে শীত | শীতৰ সৈতে আছে কুঁৱলীৰ নিবিড় সম্পৰ্ক | কেতিয়াবা ডাঠ কুঁৱলীয়ে ঢাকি থাকিলে সূৰ্যদেৱতাক দিনটো দেখা পোৱা নাযায় |কুঁৱলীৰ বাবে নীলিম আকাশখনো কেতিয়াবা ধূসৰ হৈ পৰে | পৰ্বতে পাহাৰে গছ লতা একাকাৰ কৰি মায়াময় কুঁৱলীৰ মায়াভৰা আলিংগন |শীতৰ কুঁৱলী ফালি ওলাই অহা এচেৰেঙা সখিয়তী ৰ'দে মনত পেলাই দিয়ে শীততো আছে উমাল আমেজ | নিশা যেনেকৈ কুঁৱলীৰ পৃথিৱীয়ে বাট নেদেখা হয়,সমান্তৰালকৈ জোনাক নিশা অপূৰ্ব মায়াময় পৰিবেশৰো সৃষ্টি হয় | শীতকালৰ পুৱা আমি সকলোৱে সূৰ্য দেৱতালৈ বৰকৈ অপেক্ষা কৰো | কুঁৱলীৰ ফাঁকে ফাঁকে ,বাঁহনী কাঠনীৰ মাজে মাজে চুচুক চামাককৈ ওলোৱা ৰ'দ কাঁচলিলৈ আমি আগ্রহেৰে বাট চাঁও | 

কুঁ‌ৱলী(Fog)

       পুৱা কুঁৱলী ফালি প্রাত: ভ্রমণ কৰিবলৈ যোৱাৰ আনন্দই সুকীয়া | জাপি কুঁচি আলমাৰীত ভৰাই থোৱা কাপোৰবো পিন্ধি যেতিয়া সৰু সৰু ল'ৰা ছোৱালীবোৰেও ঠুপুক ঠাপাককৈ কুঁৱলীৰ সতে খেলা কৰিবলৈ যায় দেখি ইমান ভাল লাগে |যেন মেৰু অঞ্চলৰ একোটা ভালুক পোৱালীহে আহিছে |
         পিছে এতিয়া প্রচণ্ড ঠাণ্ডাত ৰাস্তাৰ কাষত বস্ত্রৰ অভাৱত কপি কপি থকা উদ্বাস্তজন ,প্রদূষণৰ বাবে ধোঁৱা আৰু কুঁৱলীৰ বিৰক্তকৰ মিশ্রণবোৰে এই অনুভৱবোৰ উপভোগ কৰাত বাধা দিছে যেন লাগে | হলেও শীতৰ অনুভৱ সদায়েই সুকীয়া |মনৰ উত্তাপেৰে শীত দূৰ কৰাটোহে আঁচল কথা |

   

✍️জিক মিক সমাদৃতা গগৈ
ঠিকনাঃ চৰাইদেউ,শিৱসাগৰ
Instagram : Click Here                                  

Post a Comment

0 Comments