ব্যক্ত যদিও অজানা বহুবাৰ
দূৰন্ত সেই ৰাত্ৰিবোৰ
তই হাতৰ মুঠিত বান্ধি ৰাখ্ ,
অজস্ৰ তেজালৰঙী ৰণুৱা ঘোঁৰাৰ মাজত ,
কেতিয়াবা তই নিজকেই বিচাৰি চাবি।
কান্ধত থকা তোৰ এই মোনাটোত কি আছে ,
সেয়া খুলি চোৱাৰ প্ৰয়োজনীয়তা তোৰ এতিয়া নাই ।
তই জাননে তোৰ দেউতাৰাই
তোৰ বাবে কৰা সেই কষ্টবোৰ ,
তোৰ মাৰাই তোৰ বাবে নিগৰা দুখৰ চকুলোবোৰ ।
কিমান বেদনাসিক্ত চকুলোৰে বোৱাই নিব পাৰে মলিয়ৰি হৃদয়বোৰ!!!
আহ, চাহিচোন...
তই বোবা হোৱাৰ সময়তেই কিদৰে সলনি হৈ গ'ল সময়বোৰ ।
তোৰ সফলতাৰ আনন্দত সুখী হ'বলৈ ক'ত মানুহে জুম পাতিছে ,
এবাৰ মন দি চাই যায়
দুখৰ বিন্ধাবোৰে তোৰ পিঠিত হে খুঁটিব,
তই জানো পিঠি পেলাই বহি দিবি ?
এটা দীঘল কবিতা তোৰ বাবে ,
কোনোবাই জানো ৰচিবলৈ বিচাৰিব ।
তই যে হাজাৰজনৰ আশা হৈ জীয়াই আছ'...
এটা তেজালৰঙী ঘোঁৰাৰ দৰে ,
আগুৱাই যা...
অসীমৰ এই সপোনৰ বাটত।
★★★★★★★★
0 Comments