Ticker

6/recent/ticker-posts

গীতাশ্ৰীৰ এটি মনপৰশা গীত'' উৰেটো নিশা'' ❖ জে কে ভৰদ্বাজ ।

Ure tu nixa song by Geetashree Devi 

বৰ্তমান অসমীয়া সংগীত জগতখনত কিছুমান এনেকুৱা সংগীতে ভৰি দিছে হি যাৰ কথা ছাগে আমি বহুতেই কল্পনাই কৰিব পৰা নাছিলো।বৰ্তমান ক্ৰমান্ধয়ে হেৰাই যাব ধৰিছে অসমীয়া সংগীত জগতৰ স্বৰ্কীয় মাধুয্যতা।যাৰ বাবে এতিয়া আমি সুৱদি সংগীত শুনিবলৈ খুব কম পোৱা হ'লো।নিভাঁজ অসমীয়া ভাষা প্ৰয়োগ কৰা সংগীত এতিয়া প্ৰায় কমি আহিছে।কিন্তু তাৰ মাজতো আমি দুই এটা সংগীত শুনিবলৈ পাও যিবোৰ মন পৰশা আৰু হৃদয়স্পৰ্শী।

  অলপতে মুকলি হৈছে তেনে এটা গীত।গীতটো প্ৰেমক লৈ মুলতে ৰচিত।গীতটিৰ মান হৈছে "উৰেটো নিশা"।গীতটিৰ গায়িকা মাজুলীৰ গীতাশ্ৰী দেৱী। প্ৰেমৰ যি অনুভৱ তাক লৈ  সৃষ্টি হৈছে এই সংগীতটো।দুগৰাকী প্ৰেমিক প্ৰেমিকাৰ মাজৰ যি মৰম,ভালপোৱা,হাঁ‌হি -ধেমালীৰ এটা প্ৰতিচ্ছবি ভাঁ‌হি উঠিছে সংগীতটিত ।সৰুৰে পৰা গীত গাই ভাল পোৱা এই গায়িকা গৰাকীৰ এই সংগীতটো তেওঁৰ চতুৰ্থ সংগীত।তাৰ আগতে বৰষুণৰ নিশা, নিয়ৰকনা আৰু য়াডে নামেৰে এটা হিন্দী সংগীত তেওঁৰ মুকলি হৈ গৈছে। 

বাদ্য যন্ত্ৰ মুলতে চেতাৰ, বাঁ‌হী আৰু গীতাৰ ধ্বনীত এই সংগীতটি আৰু শ্ৰুতিমধুৰ হৈ পৰিছে।

গীতটিৰ কথা ৰাজ বল্লভৰ।সংগীত বাবন বৰ্নীলৰ আৰু শব্দ সংমিশ্ৰন পিংকু দাসৰ।গীতটি দুলাল গোস্বামীৰ বেনাৰত নিৰ্মাণ হৈছে। গীতটিৰ পোষ্টাৰৰ ছবি অংকন কৰিছে গীতিকাৰ আৰু নৃত্যশিল্পী মৃদুস্মিতা দেৱী আৰু পল্লৱী নাথে।

 গীতটি অসমৰ ৰাইজে আদৰি ল'ব বুলি আশা কৰিলোঁ।

❍❍❍❖ - ❖❍❍❍

✍🏻 জে কে ভৰদ্বাজ
ঠিকনাঃ মাজুলী, যোৰহাট
Instagram : Click Here 
  

Post a Comment

0 Comments