সন্ত্ৰাস
দুদিনৰ দেহাটো
এদিন দুখৰ এদিন সুখৰ,
যন্ত্ৰনা আৰু হাঁহিৰ মাজত
জিলিকিছে জীৱনটো সন্ত্ৰাসৰ পাতত।
কোন সত্য,কোন অসত্য
নাই একো বক্তব্য৷
চাৰিওফালে পাপ মাথো পাপ৷
বাঁহৰ সাকোত উঠি থকা জাতি এটাক
কিয় কৰিছা অপমান
ভাষা হওঁ হওঁ শেষ, মাটিৰ কন্দল
অ' মোৰ মৰমৰ দেশ, নকৰিবা ভয়
ভাঙি-চিঙি সুন্দৰ কৰিম অত্যাচাৰৰ জংঘল৷
অ' মোৰ অসমী আই
কি দৰে কওঁ অ' তোমাক,
আমাৰ জাতিটো যে এতিয়া ধ্বংসৰ পথত।
ক'ত হেৰাই গ'ল আমাৰ একতা?
ক'ত বিলীন হৈ গ'ল অসমী আইৰ প্ৰতি থকা ভালপোৱা।
সচাকৈ আমি খাৰ খোৱা অসমীয়ানে?
ভাৱিলে সপোন যেন নালাগেনে,
আমি যে লাচিতৰ দেশৰ মানুহ।
যি নৰীয়া দেহেৰে যুদ্ধ কৰি
আমাৰ এই সোনৰ অসমখন মোগলৰ পৰা বচালে।
নিজৰ জাতি আৰু সংস্কৃতিৰ স্বাৰ্থত
প্ৰান আহুতি দিয়া সেই শ্বহীদ সকললৈ বেয়া নালাগেনে?
ক'ত গ'ল সেই আঠশ পচপন্ন জন শ্বহীদৰ ত্যাগৰ স্বীকৃতি?
কিয় পাঢ়ৰি পেলাইছো আমাৰ কলা সংস্কৃতিক?
আধুনিকতাক সাৱটি ল'লো বুলিয়েই যে
আমি পশ্চিমীয়া হৈ যাব লাগিবনে?
ক'ত গ'ল আমাৰ জাতীয় পোচাকযোৰ?
ভয় হয় কেতিয়াবা
গামোচা খনৰ প্ৰতি থকা ভালপোৱাও যদি শেষ হৈ যায়।
মন্ত্ৰী দালালৰ তলত চলি
টকাৰ পিছত ঘুৰি ফুৰি
পাহৰি পেলালো নিজৰ সংস্কৃতিক।
দলৰ নামত ভণ্ডামি,
নেতাৰ নামত অভদ্ৰামী,
এইয়াই নেকি আমাৰ অসমীয়াগিৰী?
যেতিয়া পাই যাম কিবা পদ চৰকাৰী
তেতিয়া আচনীৰ নামত হ'ব কেলেংকাৰি।
কেতিয়াবা কোনোৱে যদি ইয়াৰ বিৰুধিতা কৰে
তেন্তে তেওঁলোকক চাণ্ডাটোলা পাৰ্টী বুলি কৈ দিয়ে।
হেৰৌ আমাৰ অসমীয়া জানি থ'বা এইকথা
নকৰিবা চোৰ তুমি খুজি খাবা শিৰ তুলি।
দুখীয়াৰ ভাত কাঢ়ি, ক'লাটকাৰ ঘৰ সাজি
ভদ্ৰতাৰ মুখা পিন্ধি,ভক্ত আমি ক'লানীতিৰ।
হে অসমী আই ,
কেতিয়া নিজান হ'ব সন্ত্ৰাসৰ এই ধৰা?
ভোকাতুৰ শিশুবোৰে কেতিয়া পাব এসাজ ভাত, এযোৰ কাপোৰ?
কোন বাৰু সেই দানৱৰূপী মানৱ,
কিয় কৰিছা বাৰু ইমান অত্যাচাৰ।
কাকো আমনি নিদিয়া পৰিয়ালবোৰক,
বন্দুক দেখুৱাই কিয় কৰিছা লুট-পাত?
যদি ইমানেই সন্ত্ৰাসৰ তৃষ্ণা লাগিছে তোমাৰ,
তেন্তে কিয় নকৰা অত্যাচাৰ,
সেই ক'লানীতিৰে ভদ্ৰতাৰ পৰিচয় দিয়া,
দেৱতাৰূপী দানৱোৰক।
সন্ত্ৰাস, তুমি আৰু বাঢ়ি নাযাবা।
তুমি বাঢ়িব লাগিলে,
পাপ নামৰ সাগৰৰ ঢৌৱে
উতুৱাই লৈ যাব এই পুন্য ধৰা।
নাথাকিব,নাথাকিব হাঁহিৰ খলকনি।
শেষত শান্তিৰ ধৰা হ'ব ইতিহাস,
বিছাৰিব লাগিব ইতিহাসৰ পাতত ....
★★★★★★★★
0 Comments